স্পাইডাৰমেন হ'ব শুভমণ গিল ! ক্ৰিকেটৰ পাছত চিনেমাত দেখুৱাব দক্ষতা...
স্পাইডাৰমেন হ'ব শুভমণ গিল ! ক্ৰিকেটৰ পাছত চিনেমাত দেখুৱাব দক্ষতা... 
বিনোদন

স্পাইডাৰমেন হ'ব শুভমণ গিল ! ক্ৰিকেটৰ পাছত চিনেমাত দেখুৱাব দক্ষতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ পথাৰত সফলতা লাভ কৰাৰ পাছত এইবাৰ চিনেমা জগতত খোজ পেলাবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শুভমণ গিলে।ক্ৰিকেটৰ পথাৰত নিজৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰা গিলৰ এই নৱতম অৱতাৰক লৈ আৰম্ভ হৈছে চৰ্চা।

আই পি এলৰ গুজৰাট টাইটানছৰ এইগৰাকী খেলুৱৈৰ ক্ৰিকেটৰ পথাৰৰ প্ৰদৰ্শন দিনক দিনে অধিক উন্নত হৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটেই হওক অথবা আই পি এলৰ দৰে টুৰ্ণামেণ্টেই হওক, শুভমণ গিল এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ লগত গুজৰাট টাইটানছৰ নিয়মীয়া বেটছমেন।

খবৰ অনুসৰি শুভমন গিলে এইবাৰ বোলছবি জগতত খোজ পেলাইছে। তেওঁ জনপ্ৰিয় হলিউড চিনেমা স্পাইডাৰ মেনৰ ভাৰতীয় সংস্কৰণত ভয়ছ অভাৰ আৰ্টিছত হিচাপে আত্মপ্ৰকাশ কৰিব। পবিত্ৰ প্ৰভাকৰ অভিনিত এই ছবিখনত ভয়ছ অভাৰ আৰ্টিষ্ট হিচাপে আত্মপ্ৰকাশ কৰিব শুভমণ গিলে।

উল্লেখ্য,এই পৰ্যন্ত কোনো ক্ৰিকেটাৰে চিনেমাত ভয়ছ অভাৰ দিয়া নাই। শুভমণ গিলেই হ'ব প্ৰথমগৰাকী ক্ৰিকেটাৰ.যি এই ভূমিকাত অৱতীৰ্ণ হ'ব। জানিব পৰা মতে এই ভয়ছ অভাৰৰ বাবে পৰিচালকে প্ৰথমে উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টৰ নাম চিন্তা কৰিছিল যদিও শেষ মুহূৰ্তত শুভমণৰ নামেই চূড়ান্ত কৰা হয়।

সোমবাৰে ছবিখনৰ নিৰ্মাতাৰ তৰফৰ পৰা কোৱা হৈছে যে, হিন্দী আৰু পাঞ্জাৱী এই দুটা ভাষাত ভয়ছ অভাৰ দিব শুমণ গিলে। ভাৰতীয় দৰ্শকৰ কথা চিন্তা কৰিয়েই পৰিচালকে ছবিখনত স্পাইডাৰ মেনক ভাৰতীয় হিচাপে তুলি ধৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

ইফালে চিনেমাত ভয়ছ অভাৰ দিয়াৰ সুযোগ লাভ কৰা তৰুণ ক্ৰিকেটাৰ শুভমণ গিল উৎসাহিত হৈ পৰিছে। তেওঁ এই সন্দৰ্ভত কয়, শৈশৱৰ পৰাই মই স্পাইডাৰমেনৰ ডাঙৰ ভক্ত। চুপাৰ হিৰোসকলৰ ভিতৰত স্পাইডাৰমানেই আছিল মোৰ প্ৰথম পচন্দৰ।

এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় দৰ্শকে স্পাইডাৰমেনক ভাৰতীয় ৰূপত ৰূপালী পৰ্দাত দেখা পাব। জানিব পৰা মতে অহা ২  জুনত মুক্তি লাভ কৰিব এই ছবিখন। হিন্দী, পঞ্জাৱী, বাংলাকে ধৰি মুঠ ১০ টা ভাষাত মুক্তি পাবলগীয়া এই চিনেমাখনৰ সম্পূৰ্ণ নাম 'স্পাইডাৰমেনঃ এক্ৰছ দ্যা স্পাইডাৰ ভাৰ্ছ'।