বিনোদন

সুস্থ হৈ আমেৰিকাৰ পৰা মুম্বাইলৈ উভতিল কেন্সাৰ ৰোগত আক্ৰান্ত অভিনেত্ৰী সোণালী বেন্দ্ৰে

asomiyapratidin

ডিজিটেল ডেস্কঃ এসময়ত খুব জনপ্ৰিয় হৈছিল এই গীত- 'ইছ দীৱানে লড়কে কো কোয়ি ছমঝায়ে'। যুৱ প্ৰজন্মৰ মুখে মুখে চলিছিল এই গীত। আমিৰ খানৰ সৈতে এই ছবিখনত অভিনয় কৰিছিল সোণালী বেন্দ্ৰেয়ে। পুতলাৰ দৰে লাগিছিল সোণালীক। এই গীতটি এইটো-

https://www.youtube.com/watch?v=OjZeQRAixV0

কেৱল এয়াই নে, বলিউডৰ বহু ছবিৰ নায়িকা আছিল সোণালী বেন্দ্ৰে। 'বোম্বাই-১৯৯৫', এ আৰ ৰহমানে সংগীত পৰিচালনা কৰা এই ছবিখনৰ এটা জনপ্ৰিয় গীত আছিল 'হাম্মা হাম্মা'। এই ছবিখনত থকা আইটেম ছং 'হাম্মা হাম্মা'ত ভূমুকি মাৰিছিল সোণালীয়ে। যাৰ বাবে তেওঁ আন এক পৰিচয় লাভ কৰিছিল 'হাম্মা গাৰ্ল' হিচাপে।

https://youtu.be/hzS7Nv8ADyw

বলিউডৰ বহু হীট ছবিৰ নায়িকা আছিল তেওঁ। অভিনেত্ৰী হিচাপে তেওঁ প্ৰতিষ্ঠিত হৈছিল বলিউডত। মডেলিঙৰ পৰা টেলিভিচনলৈকে সকলোতে তেওঁৰ আছিল দখল। ১৯৯৪চনত 'আগ' ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সোণালীয়ে। ১৯৭৫চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা সোণালীৰ আন এক পৰিচয় আছিল। বহুতে ছাগে এতিয়া সেই বিজ্ঞাপনটো পাহৰিলে। টিভিত এসময়ত বাৰুকৈয়ে বাজিছিল এই বিজ্ঞাপন। নিৰমা চাবোনৰ বিজ্ঞাপন আছিল এইটো। বহুতৰ মুখস্থ হৈ গৈছিল এই বিজ্ঞাপন। 'তুম হুছন পৰি, তুম জানে জাহা, তুম ছবছে হচি, তুম ছবছে জাৱান, সৌন্দৰ্য চাবোন নিৰমা…'- এই নিৰমা গাৰ্ল আছিল সোণালী।

৯০ দশকৰ ৰোমান্টিক গীতবোৰত সোণালী বেন্দ্ৰে আছিল অন্যতম জনপ্ৰিয় নায়িকা। 'দীৱানা মে তেৰা দীৱানা, মোহব্বত ক্যা হে অৱ জানা'-

লেখিকা হিচাপে সোণালী বেন্দ্ৰেয়ে সুনাম অৰ্জন কৰিছিল। এই সোণালী বেন্দ্ৰে দীৰ্ঘদিনৰ পাছত ঘূৰি আহিছে আমেৰিকাৰ পৰা। সোমবাৰে পুৱা মুম্বাইত আহি উপস্থিত হয়হি অভিনেত্ৰীগৰাকী।

আগৰ সেই সুপ্ৰতিভ হাঁহি সোণালীৰ মুখত। দুৰাৰোগ্য কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আমেৰিকাত চিকিৎসাধীন হৈ আছিল সোণালী বেন্দ্ৰে। সুস্থ হৈ ঘূৰি আহিছে স্বদেশলৈ। মুম্বাই বিমান বন্দৰৰ দৃশ্য এয়া। সোণালীৰ খবৰ ল'বলৈ ভিৰ কৰিলে গুণমুগ্ধই। সকলোকে আস্বস্ত কৰি সোণালীয়ে ক'লে- 'মই ঠিকে আছো।'

https://www.instagram.com/p/Bq6E-JjHK5m/?utm_source=ig_web_copy_link

ইফালে, সোণালীৰ স্বামীয়ে গোল্ডী বেহেলে জানিবলৈ দিয়া মতে- 'সোণালী সুস্থ হৈছে। চিকিৎসা শেষ হ'ল। কিন্তু এতিয়াই সকলো ভাল বুলি ক'ব নোৱাৰি। নিয়মীয়াকৈ দেখুৱাই থাকিব লাগিব।'

নিউয়ৰ্কত সোণালীৰ চিকিৎসা চলিছিল। সোণালী বেন্দ্ৰে সুস্থ হৈ পুনৰ মুম্বাইলৈ ঘূৰি অহাৰ খবৰে এতিয়া সোণালীৰ অনুৰাগীৰ মাজত উৎসাহ আৰু আনন্দৰে ভৰি পৰিছে। সকলোৱে কামনা কৰিছে, সদায়ে সুস্থ হৈ থাকক সোণালী বেন্দ্ৰে।