বিনোদন

নাৰী নিৰ্যাতনক লৈ বলিউডত নতুন চিনেমা ‘চিম্বা’

asomiyapratidin

ডিজিটেল ডেস্কঃ নাৰীৰ ওপৰত হোৱা অত্যাচাৰ বিৰুদ্ধে যুজঁ দিয়াৰ বাবে অচিৰেই ছবিগৃহলৈ আহি আছে পৰিচালক ৰোহিত চেট্টীৰ ছবি 'চিম্বা'।

'দেশত নাৰীৰ ওপৰত চলি থকা নিৰ্যাতনৰ বিৰোধিতা যদি আজিয়েই নকৰে, তেন্তে কালিৰ নিৰ্যাতিতাগৰাকী আপোনাৰ পৰিয়ালৰে কোনোবা হব পাৰে' এয়াই হৈছে বলিউদৰ আহিবলগীয়া ছবি 'চিম্বা'ৰ সংলাপ।

ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিং আৰু ছাৰা আলী খানে। ছাৰা আলী খানৰ এইখনে প্ৰথম অভিনয় কৰা বোলছবি। সমাজত হৈ থকা নাৰী নিৰ্যাতনক মূল বিষয় হিচাপে লৈ নিৰ্মান কৰা ছবিখনৰ শ্বুটিং ইতিমধ্যে শেষ হৈছে।

ছবিখন প্ৰযোজনা কৰিছে কৰণ জৌহৰৰ ধৰ্মা প্ৰডাকচনে। তেলেগু ছবি 'টেম্পাৰ'ৰ ৰিমেক 'চিম্বা' মুক্তি পাব ২৮ ডিচেম্বৰত।