বিনোদন

শ্ৰীদেৱী যদি আজি জীয়াই থাকিল হেতেন…

asomiyapratidin

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আজি জন্মদিন। ১৯৬৩চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল এইগৰাকী অভিনেত্ৰীৰ।

২০১৮চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত আকষ্মিকভাৱে মৃত্যু হোৱা শ্ৰীদেৱী জীয়াই থকা হ'লে আজি ৫৪ বছৰীয়া হ'ল হেতেন। অভিনয়ৰ জৰিয়তে দৰ্শকৰ আপোন হৈ পৰা এই মোহময়ী অভিনেত্ৰীগৰাকীৰ জন্মদিনত বিশেষভাৱে সোঁৱৰণ কৰিলে তেওঁৰ কন্যা জাহ্নবী কাপুৰে।

ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰামত জাহ্নবীয়ে পুৱাই এখন পুৰণি ফটো আপলোড কৰিছে। যিখন ফটোত মাক শ্ৰীদেৱী আৰু পিতৃ বণী কাপুৰৰ সৈতে আছে জাহ্নবী। আৰু এই ফটোখনৰ তলত জাহ্নবীয়ে লিখিছে- 'জন্মদিনৰ শুভেচ্ছা মা'।

কাপুৰ পৰিয়ালৰ বাবে এই দিনটো আছিল বিশেষ দিন। কিন্তু তেওঁৰ মৃত্যুৰ পাছত প্ৰথম জন্মদিনত সেই পৰিৱেশ এতিয়া নাই কাপুৰ পৰিয়ালত। শ্ৰীদেৱীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ৬খনকৈ শ্ৰীদেৱীৰ ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে।

তাৰে এখন নতুন দিল্লীত থকা ফ্লিম ডিভিজন অডিট'ৰিয়ামত প্ৰদৰ্শন কৰা হ'ব। আন ৫খন শ্ৰীদেৱীৰ ছবি বিভিন্ন স্থানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে।