বিনোদন

২৪ ঘণ্টা পাৰ নহওতেই ২ কোটিৰো অধিক দৰ্শকে উপভোগ কৰিলে ছবিখনৰ ট্ৰেইলাৰ, চাওক এই ট্ৰেইলাৰটো

asomiyapratidin

ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান,যাৰ ছবি মানেই বলিউদৰ এখন হি'ট ছবি। যোৱা শুকুৰবাৰে বলিউদৰ এই জনপ্ৰিয় শিল্পী গৰাকীয়ে ৫৩ বছৰত ভৰি দিলে। জন্মদিনৰ সৈতে সংগতি ৰাখি শুকুৰবাবে মুক্তি দিয়া হল শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি 'জি'ৰ'ৰ ট্ৰেইলাৰ।

সন্ধিয়াভাগত মুক্তি দিয়া বিগ বাজেটৰ ছবিখনৰ ট্ৰেইলাটো ২৪ ঘণ্টা সম্পূৰ্ণ নহওতেই চালে প্ৰায় ২ কোটিৰো অধিক লোকে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খান,কেটৰিণা কাঈফ আৰু অনুষ্কা শৰ্মাই। আনন্দ এল. ৰায়ে পৰিচালনা কৰা ১৭৬ মিনিটৰ দৈৰ্ঘ্যৰ এই ছবিখনৰ বাজেট ২০০ কোটি। ছবিখনত শ্বাহৰুখক দেখা যাব এজন বাওনাৰ ৰূপত। ২১ ডিচেম্বৰত মুক্তি পাব লগীয়া ছবিখনৰ ৩ মিনিট ১৪ চেকেণ্ডৰ ট্ৰেইলাৰ ভিডিঅ'টো-