বিনোদন

কেনেকৈ মৃত্যু হ'ল অভিনেতা সতীশ কৌশিকৰ? আৰক্ষীয়ে জনালে সকলো...

Asomiya Pratidin

ডিজিটেল ডেস্ক: অভিনেতা সতীশ কৌশিকৰ আকস্মিক মৃত্যুৱে সমগ্ৰ চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে তেওঁৰ মৃত্যু সন্দৰ্ভত মন্তব্য কৰে।

আৰক্ষীয়ে কয় যে প্ৰায় ১২ বজাত ৰাতিৰ আহাৰ গ্ৰহণৰ পাছত অভিনেতা গৰাকীয়ে অসুস্থতা অনুভৱ কৰিছিল। তাৰ পাছত তেওঁক এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী আৰু কন্যাক এৰি থৈ যায়।

আৰক্ষীয়ে কয় যে অভিনেতা গৰাকীয়ে ৮ মাৰ্চত হোলী উদযাপন কৰিবলৈ দিল্লীলৈ গৈছিল । ৰাতিৰ আহাৰ খোৱাৰ পিছত প্ৰায় ১২ বজাত তেওঁ অস্বস্তি অনুভৱ কৰিছিল। তেওঁৰ মেনেজাৰে তেওঁক গুৰুগ্ৰামৰ ফৰ্টিছ চিকিৎসালয়লৈ লৈ গৈছিল যদিও তেওঁৰ মৃত্যু হৈছিল।

অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে পোহৰলৈ আহিছে। যত এয়া নিশ্চিত কৰা হৈছে যে তেওঁ হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সন্মুখীন হৈছিল।

বৃহস্পতিবাৰে সন্ধিয়া মুম্বাইত অভিনেতা গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।