বিনোদন

ছবিঘৰলৈ আহি আছে ভাইজানৰ ‘ভাৰত’

asomiyapratidin

ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান ছলমান খানৰ বহু প্ৰত্যাখিত ছবি 'ভাৰত'ৰ শ্বুটিং প্ৰায় শেষ হৈছে। আলী আব্বাছ জাফাৰে পৰিচালনা কৰা ছবিখন ২০১৪চনত মুক্তি পোৱা কোৰিয়ান ছবি 'আদে ট্যু মাই ফাডাৰ'ৰ ৰিমেক।

১৯৪৭চনত ভাৰত-পাকিস্তান বিভাজনৰ সময়ত এহাল পিতা-পুত্ৰ আৱেগিক সম্পৰ্কৰে কাহিনী আগবঢ়াই লৈ যোৱা হৈছে। ছবিখনত ৫টাকৈ ছবি ৰূপায়ন কৰিব অভিনেতা ছলমান খানে।

ছবিখনত ছলমানৰ বিপৰীতে দেখা পোৱা যাব কেটৰিনা কাইফ, নৌৰা ফটহীক। ছলমান খানৰ পিতৃৰ চৰিত্ৰত আছে জেকী শ্ৰফ। আৰু তাব্বু হ'ব ছলমানৰ ভগ্নী। ১৮০ কোটি টকাৰে নিৰ্মাণ কৰা ছবিখনৰ সংগীত পৰিচালক বিশাল-শেখৰ।