বিনোদন

‘ভাৰত’ত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰাৰ পাছত ছলমান খানে কিয় ক’লে ধন্যবাদ?

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ নতুন ছবি 'ভাৰত' আৰু কিছুদিনৰ পাছতেই মুক্তি পাব দেশৰ ছবিগৃহসমূহত। বুধবাৰে ছবিখনৰ গীত 'তুৰপেয়া' মুকলি কৰা হয়। এই গীতটি ইতিমধ্যেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই গীতটিৰ প্ৰতি দৰ্শকৰ আগ্ৰহ দেখি অনুমান কৰিব পাৰি যে জুনত মুক্তি পাব লগা ছলমান খানৰ এই ছবিখনে বক্স অফিচত এক বৃহৎ সংখ্যক ধন উপাৰ্জন কৰিব।

উল্লেখ্য যে, 'ভাৰত' ছবিখনত ছলমানখানৰ লগত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক অভিনয়ৰ বাবে কোৱা হৈছিল যদিও, তেওঁ এই ছবিখনতঅভিনয় কৰাৰ ইচ্ছা প্ৰকাশ নকৰে। তাৰপাছত অভিনেতা ছলমান খানে এই সন্দৰ্ভত প্ৰিয়ংকাচোপ্ৰাক লৈ এক মন্তব্য কৰা পৰিলক্ষিত হয়।

দৰাচলতে, কিছুদিন পূৰ্বে ছলমানে'ভাৰত'ত প্ৰিয়ংকা চোপ্ৰাৰ বিপৰীতে মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফে অভিনয় কৰাসন্দৰ্ভত 'মুম্বাই মিৰৰ' শীৰ্ষক বাতৰিকাকতখনত মন্তব্য কৰে। ছলমান খানে কয়- 'যিসময়ত এগৰাকী ছোৱালীয়ে ছবিত অভিনয় কৰাৰ বাবে স্বামীক এৰিবলৈও সাজু হৈ যায়, সেই সময়তপ্ৰিয়ংকাই ছবিত অভিনয় কৰিবলৈ অমান্তি হয়।'

লগতে অভিনেতাগৰাকীয়ে প্ৰিয়ংকা চোপ্ৰাক ধন্যবাদ জনায় কয়- 'ধন্যবাদ প্ৰিয়ংকা, মই তোমাৰ আগত চিৰকৃতজ্ঞ। যদি প্ৰিয়ংকাই ছবিখনত অভিনয় নকৰো বুলি নক'লে হেঁতেন তেন্তে কেটৰিনা কাইফৰ দৰে এগৰাকী অভিনেত্ৰীক ছবিখনত অভিনয় কেনেকৈ কৰিবলৈ দিলো হয়?' উল্লেখ্য যে, অহা ৫জুনত ভাৰতৰ ছবিগৃহসমূহত মুক্তি পাব ছলমান খানৰ এই ছবিখন।