বিনোদন

‘ৰত্নাকৰ’ ভাইৰেল ছচিয়েল মিডিয়াত, থানাত এজাহাৰ দি যতীন বৰাই কি ক’লে VIDEO…

asomiyapratidin

ডিজিটেল ডেস্কঃ ছুপাৰহিট অসমীয়া ছবি 'ৰত্নাকৰ'। বিগত ৬ টা দিনত ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ২.৭৬ কোটি টকা। ছবিঘৰত দৰ্শকে ৰত্নাকৰ আদৰি লোৱাৰ সমান্তৰালভাৱে শেহতীয়াকৈ ঘটিছে এক অথন্তৰ। 'ৰত্নাকৰ' এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত। এই কথা ফেচবুক লাইভযোগে গুৱাহাটীৰ গীতানগৰ থানাৰ চৌহদৰ পৰা জনালে খোদ যতীন বৰা আৰু 'ৰত্নাকৰ'ৰ প্ৰযোজিকা নৱনীতা শৰ্মাই।

ফেচবুক আৰু ইউটিউবত 'ৰত্নাকৰ'ৰ দৃশ্যাংশ ভাইৰেল হোৱাৰ পিছতে বৃহস্পতিবাৰে নিশা মহানগৰীৰ গীতানগৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যতীন বৰা আৰু নৱনীতা শৰ্মাই। কোনো লোকে ছবিগৃহৰ ভিতৰৰ পৰা ম'বাইলত ৰেকৰ্ডিং কৰি ফেচবুক আৰু ইউটিউবত ছবিখনৰ দৃশ্যাংশ ভাইৰেল কৰা বুলি অভিযোগ কৰিছে যতীন বৰা আৰু ছবিখনৰ প্ৰযোজিকাই।

ফেচবুক লাইভযোগে যতীন বৰাই ক্ষোভেৰে কয় যে – এইদৰে ভিডিঅ' ৰেকৰ্ডিং নকৰিবলৈ বা আপলোড নকৰিবলৈ পূৰ্বতেও মই বাৰে বাৰে সকলোকে অনুৰোধ জনাইছিলো। কিন্তু এতিয়া উপায় নোহোৱাত আজি থানালৈ আহিবলগীয়া হৈছে, গীতানগৰ থানাত মই এজাহাৰ দিছো। কোনো কোনোৱে মোৰ চিনেমাখন ছচিয়েল মিডিয়াত আপলোড কৰিছে। যিয়ে আপলোড কৰিছে, তেওঁ জে'ললৈ যাব লাগিব। দোষীয়ে শাস্তি পাবই।

আনহাতে, ছবিখনৰ প্ৰযোজিকা নৱনীতা শৰ্মাইও দুষ্টচক্ৰৰ এই কাৰ্যক সমালোচনা কৰাৰ লগতে ছবিখনলৈ অসমবাসী ৰাইজে জনোৱা সহাঁৰিৰ বাবে ধন্যবাদো জ্ঞাপন কৰে। ইফালে আৰক্ষীয়ে জনায় যে, দোষীক অচিৰেই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হব।

https://www.facebook.com/bora.jatin/videos/399390664088977/