বিনোদন

বন্ধু মিকা, তুমি কিয় ইমান দুষ্ট পাইছো বৰ কষ্ট, গৈ আছো মই: ৰাখী সাৱন্ত VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৭ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ গোচৰত ডুবাই আৰক্ষী জিম্মাত আছে বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী মিকা সিঙ। কিশোৰী গৰাকীৰ অভিযোগত বুধবাৰে নিশা ডুবাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিকাক সিঙক।

মিকা সিঙৰ এই খবৰ পোৱাৰ লগে লগে এগৰাকী অভিনেত্ৰীয়ে ইষ্টাগ্ৰামৰ এটা ভিডিঅ'ৰ জৰিয়তে মিকাক সহায়ৰ বাবে ডুবাইলৈ যাব বুলি প্ৰকাশ কৰিছে। এই অভিনেত্ৰীগৰাকী হৈছে সততে বিৰ্তকত সোমাই থকা ৰাখী সাৱন্ত। নাটকীয় ভংগীমাৰে ৰাখীয়ে এটা ভিডিঅ'ত কৈছে ' বন্ধু তুমি ইমান কিয় দুষ্ট। মই তোমাক উদ্ধাৰৰ বাবে ডুবাইলৈ গৈ আছো। তুমি ভাৰতৰ সবাতোকৈ জনপ্ৰিয় গায়ক।'

ৰাখীৰ এই ভিডিঅ'টো শেহতীয়াকৈ যথেষ্ট চৰ্চা হৈছে ছচিয়েল মিডিয়াত। কোনো কোনোৱে সন্দেহ প্ৰকাশ কৰিছে যে, ৰাখী আৰু মিকাৰ সৰ্ম্পক ভাল নহয় । তেনে পৰিপ্ৰেক্ষিতত ৰাখীয়ে মিকাক ইতিকিং কৰিবলৈহে এই ভিডিঅ'টো ইষ্টাগ্ৰামত আপলোড কৰিছে।

উল্লেখ্য যে, ২০০৬ চনত মিকাৰ জন্মদিনৰ এটা পাৰ্টীত ৰাখীক চুম্বন কৰি আইনী মেৰপেছত সোমাই পৰিছিল মিকা সিঙ। ইয়াৰ উপৰিও কিছুদিনৰ পূৰ্বে ৰাখী সাৱন্তক এগৰাকী মহিলা বক্সাৰে ৰিঙত দলিয়াই দিয়া কাৰ্যক ৰাখীক লৈ ইতিকিংসূচক মন্তব্য কৰিছিল কন্ঠশিল্পী মিকাই। গ্ৰেপ্তাৰ মিকাক লৈ কি কলে ৰাখীয়ে-

https://www.instagram.com/p/BrDg_10Bd_-/?utm_source=ig_embed&utm_campaign=embed_video_watch_again