বিনোদন

প্ৰিয়ংকা-নিকৰ আড়ম্বৰপূৰ্ণ বিবাহ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ অৱশেষত বিবাহপাশত আৱদ্ধ হ'ল দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ। ৰাজস্থানৰ যোধপুৰত ৩০ নবেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ সম্পন্ন হ'ব দুয়োৰে বিবাহ। ব্যয়বহুল আৰু আড়ম্বৰপূৰ্ণ বিবাহখনৰ বাবে ন-কইনাৰ ৰূপত সজাই তোলা হৈছে উমেইড ভৱন। য'ত দুয়োৱে চিৰজীৱনৰ বাবে হ'ব ইজনে সিজনৰ।

শনিবাৰে নিশা বিবাহস্থলীত বিভিন্ন ধৰণৰ ফটকা আৰু আতচবাজীৰে পোহৰাই তোলে আকাশ। চালে চকু ৰৈ যোৱা এই আতচবাজীৰ পোহৰে দুয়োৰে জীৱনকো পোহৰাই তোলাৰ কামনা তাৰকাদ্বয়ৰ পৰিয়াল তথা অনুগামীৰ। চাওঁক যোধপুৰত নিশা প্ৰিয়ংকা-নিকৰ বিবাহস্থলীৰ ভিডিঅ'-