বিনোদন

কইনা সাজত প্ৰিয়ংকাক দেখি নিকে কিয় টুকিলে চকুলো ? ভাইৰেল VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত ৰাজকীয়ভাৱে তেওলোকৰ বিবাহ সম্পন্ন হৈছিল। বহুতে বহু কথা কৈছিল 'দৰা কম বয়সীয়া, কইনাৰ বয়স বেছি।' এইসকলোবোৰ কথা তল পেলাই ২ ডিচেম্বৰত যোধপুৰত নিকে প্ৰিয়ংকাক আনুষ্ঠানিকভাৱে পত্নীৰ মৰ্যদা দিলে।

এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে ধুমধামেৰে সম্পন্ন হল বিবাহ। পূৰ্বে যদিও বিবাহৰ ভিডিঅ' ভাইৰেল হোৱা নাছিল,দিন বাগৰাৰ লগে লগে ক্ৰমান্বয়ে ভাইৰেল হৈছে প্ৰিয়ংকা নিকৰ বিয়াৰ বহু ভিডিঅ। বিবাহৰ যিসময়ত বগাসাজেৰে প্ৰিয়ংকা নিকৰ ওচৰলৈ আহিছিল,সেই সময়ৰ এটি ভিডিঅ' শেহতীয়াকৈ ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে।

বগা সাজত পৰীৰ দৰে দেখা প্ৰেমিকা তথা হবলগীয়া পত্নীক দেখি নিকৰ চকুৰে বাগৰি আহিছিল চকুলো। সেই ভিডিঅ'টো-

https://www.instagram.com/p/Bq-EtNbl-ua/?utm_source=ig_web_copy_link