বিনোদন

দৰ্শকৰ মন জয় কৰিব নোৱাৰিলে ‘পি এম নৰেন্দ্ৰ মোডী’য়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২৪ মে'ত দেশৰ ছবিঘৰত মুক্তি পোৱা ছবি 'পি এম নৰেন্দ্ৰ মোডী'য়ে আশাকৰা ধৰণে দৰ্শকৰ মন জয় কৰিব নোৱাৰিলে। মুক্তিৰ ৯ দিনৰ পাছত ছবিখনে উপাৰ্জন কৰিছে মুঠ ১৯ কোটি টকা। অতি লেমেহীয়া গতিৰে উপাৰ্জন কৰা ছবিখন তৃতীয় সপ্তাহৰ শেষৰফালে ২৫ কোটি টকা উপাৰ্জন কৰিব বুলি ধাৰণা কৰিছে ছবি সমালোচক সকলে। ৮ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখন দেশৰ ১২০০ খন স্কীণত মুক্তি দিয়া হৈছিল। ছবিখনত মুখ্য চৰিত্ৰত বিবেক অৱৰয়ে অভিনয় কৰাৰ লগতে পৰিচালনা কৰিছে ওমঙ্গ কুমাৰে।