বিনোদন

ছেল্ফি উঠি ভাল পায় নেকি? তেন্তে আপুনি আক্ৰান্ত, চিকিৎসকৰ পৰামৰ্শ লওক

asomiyapratidin

ডিজিটেল ডেস্কঃ ছেল্ফি উঠা আৰু ছ'চিয়েল মিডিয়াত তাক পোষ্ট কৰাটো আজিকালি প্ৰায় সকলোৰে প্ৰিয়৷ কাপোৰ যিয়েই নিপিন্ধক বা নিকিনক, মোবাইল কিনিলে সেয়ে ফ্ৰন্ট কেমেৰাৰ কুৱালিটী ভালৰো ভাল হ'ব লাগিবই৷ নতুন নতুন ঠাইত নিজৰ ফটো নিজেই তুলি স্মৃতিৰ পাতত সেই মুহূৰ্ত সজীৱ কৰি ৰখাৰ হেপাঁহ কম-বেছি পৰিমানে সকলোৰে থাকেই৷

কিন্তু এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে ছেল্ফি যিসকলে উঠি ভাল পায় বা যিসকল লোকৰ ছেল্ফি উঠাতো এক মেনিয়া সদৃশ হৈ পৰিছে, তেনে লোকৰ অধিকাংশই হতাশাগ্ৰস্ততাত ভূগে৷ সমীক্ষা মতে, ছেল্ফি উঠি ভালপোৱা সকলৰ প্ৰায়ে মেদবহুলতা বা অত্যধিক খীন হোৱা, ৰাতি টোপনি নহোৱা আদি ৰোগে দেখা দিয়ে৷ ইয়ে আত্ম বিশ্বাসো হ্ৰাস কৰে৷

এক অধ্যয়নে এই কথা প্ৰমাণ কৰিছে যে যি সকল পুৰুষ-মহিলাই বেছিকৈ ছেল্ফি উঠে, তেনে লোকে মানসিকভাৱে দুৰ্বল অনুভৱ কৰে৷ তেওঁলোকৰ আত্মবিশ্বাস ইমানেই লোপ পাই যে, নিজৰ মুখখনো অৱশেষত চাবলৈ বেয়া পোৱা হয়৷ অধ্যয়ন মতে, যি সকলে কোনো ফিল্টাৰ ব্যৱহাৰ নকৰাকৈ ছেল্ফি তোলে, তেওঁলোকে দৈহিক অৱয়ব, মুখমণ্ডল কিম্বা চালৰ ৰঙক লৈ অসন্তুষ্ট বোধ কৰে৷ তেনে পৰিস্থিতিত বহু যুৱক-যুৱতীয়ে প্লাষ্টিক চাৰ্জাৰীৰ জৰিয়তে চেহেৰা সলনি কৰিবলৈও বিচাৰে৷

আনহাতে ১৬-২৫ বছৰৰ ভিতৰৰ যুৱক-যুৱতীয়ে অত্যাধিক ছেল্ফিৰ বাবে হতাশা, নিদ্ৰা হীনতাত ভূগা বুলিও জানিব পৰা গৈছে৷ স্মৃতি শক্তি লোপ পোৱাৰ ছেল্ফিও এটা কাৰণ৷

যাৰ বাবে অত্যাধিক ছেল্ফি উঠাসকলক চিকিৎসকৰ সহায় লোৱাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে৷ নহ'লে ছেল্ফিৰ পৰা আৰম্ভ হোৱা সৰু সৰু সমস্যাবোৰ পৰৱৰ্তীসময়ত প্ৰাণনাশক হিচাপে থিয় দিব পাৰে বুলি আংশকা কৰা হৈছে৷