'পাঠান' নহয় 'ড০ বেজবৰুৱাক'লৈহে চিন্তা মুখ্যমন্ত্ৰীৰ ! শ্বাহৰুখ খানে হিমন্ত বিশ্বলৈ ফোন কৰা নাই, তেওঁক চিনিও নাপায়...
'পাঠান' নহয় 'ড০ বেজবৰুৱাক'লৈহে চিন্তা মুখ্যমন্ত্ৰীৰ ! শ্বাহৰুখ খানে হিমন্ত বিশ্বলৈ ফোন কৰা নাই, তেওঁক চিনিও নাপায়...  
বিনোদন

'পাঠান' নহয় 'ড০ বেজবৰুৱাক'লৈহে চিন্তা মুখ্যমন্ত্ৰীৰ ! শ্বাহৰুখ খানে হিমন্ত বিশ্বলৈ ফোন কৰা নাই, তেওঁক চিনিও নাপায়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰা নাই। সেয়ে বলিউড বাদশ্বাহৰ চিনেমাক লৈও কোনো চিন্তা কৰা নাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এক সংবাদ মেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, 'পাঠান' কি তেওঁ সেই বিষয়ে নাজানে।

'পাঠান' কি বা কেনেকুৱা বস্তু সেয়া তেওঁ দেখাও নাই, শুনাও নাই। কেৱল ইমানেই নহয়, বলিউড বাদশ্বাহ শ্বাহৰুখ খানকো চিনি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ দেশজুৰি বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনীত বলিউড চিনেমা 'পাঠান'।

পাঠানৰ 'বেছৰম' গানটো মুক্তি পোৱাৰ পিছৰে পৰা হিন্দু ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগেৰে 'পাঠান' চিনেমা বয়কটৰ ট্ৰেণ্ড আৰম্ভ হৈছিল। বজৰং দলে আৰম্ভ কৰা এই ট্ৰেণ্ডৰ মাজতে অৱশ্যে মুক্তিৰ পূৰ্বেই 'পাঠান' চিনেমাখনে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

২৫ জানুৱাৰীত দেশজুৰি মুক্তি পাবলগীয়া বিতৰ্কিত এই ছবিখনৰ প্ৰথম দৰ্শনীৰ সকলো টিকট প্ৰায় শেষ হৈছে। দেশজুৰি 'পাঠন'ক লৈ আৰম্ভ হোৱা বিতৰ্কই স্পৰ্শ কৰিছে অসমকো। গুৱাহাটীৰ গ'ল্ড চিনেমা, এল জি টাৱাৰ নাৰেংগীত 'পাঠান'ৰ পোষ্টাৰ ফালি একাংশই ছবিখনৰ বিৰোধিতা কৰিছে।

অসমত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা এনে বিশৃংখল পৰিষ্ঠিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়, 'পাঠান' কি, কেনেকুৱা বস্তু সেই বিষয়ে একো নাজানো। 'পাঠন'ত অভিনয় কৰা শ্বাহৰুখ খানকো হেনো চিনি নাপায় মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়, শ্বাহৰুখ খানৰ কথা আমি কিয় চিন্তা কৰো? আমাৰ ইয়াত ক'ত শ্বাহৰুখ খান আছে? আমি 'ড০ বেজবৰুৱা' চিনেমা আহিছে সেই বিষয়ে চিন্তা কৰো। আমি সকলোৱে 'ড০ বেজবৰুৱা' চিনেমাখন চাব লাগে।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে চিনেমাহলত যদি কোনোবাই বিশৃংখল পৰিৱেশৰ সূচনা কৰিছে, লণ্ডভণ্ড কৰিছে তেনেহ'লে আৰক্ষীক অভিযোগ দিলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰিছে। প্ৰসংগক্ৰমে তেওঁ পাঠন চাবলৈ নাযায় বুলিও মন্তব্য কৰিছে।

চিনেমাখনক কেন্দ্ৰ কৰি যদি আইন-শৃংখলা বিঘ্নিত হয় তেনে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ কথা কৈ তেওঁ কয়, চিনেমাখনক লৈ চিনেমাহলৰ মালিকে, চিনেমাখনৰ নিৰ্মাতাই আৰু শ্বাহৰুখ খানে তেওঁক ফোন কৰি কোনো কথা কোৱা নাই।

মুম্বাইৰ বহুতেই তেওঁক ৭/১০ দিনৰ মূৰে মূৰে ফোন কৰি থাকে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, শ্বাহৰুখ খানে যদি মোক ফোন কৰি কয়, তেনে কি সমস্যা আছে মই চাই লম।