শেষ হোৱা নাই বিতৰ্ক ! মুক্তিৰ পূৰ্বেই লিক 'পাঠান', এই কেইটা ৱেব চাইটত উপলব্ধ চিনেমাখন...
শেষ হোৱা নাই বিতৰ্ক ! মুক্তিৰ পূৰ্বেই লিক 'পাঠান', এই কেইটা ৱেব চাইটত উপলব্ধ চিনেমাখন... 
বিনোদন

শেষ হোৱা নাই বিতৰ্ক ! মুক্তিৰ পূৰ্বেই লিক 'পাঠান', এই কেইটা ৱেব চাইটত উপলব্ধ চিনেমাখন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিতৰ্ক আৰু সংঘাতৰ মাজতে লিক হ'ল 'পাঠান'। ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া শ্বাহৰুখ খান, দীপিকা পাডুকন, জন আব্ৰাহাম মুখ্য চৰিত্ৰত অভিনীত ছবিখনৰ মুক্তিৰ পূৰ্বেই লিক হোৱা ঘটনাৰ বাবে এতিয়া পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

উল্লেখ্য যে, 'পাঠান'ক কেন্দ্ৰ কৰি বিগত বহু কেইটা দিন বিতৰ্কৰ সৃষ্টি হৈ আহিছে। কোনোবাই যদি 'পাঠান' বয়কত কৰিবলৈ আহ্বান জনাইছে আন কোনোবাই আকৌ 'পাঠান'ৰ পোষ্টাৰ ফালি, চিনেমা হলত প্ৰৱেশ কৰি 'পাঠান' প্ৰদৰ্শনী বন্ধ ৰাখিবলৈ দাবী কৰিছে আন কোনোবাই আকৌ 'পাঠান'ৰ সপক্ষে থিয় দিছে।

তাৰ মাজতে 'পাঠান' মুক্তিৰ প্ৰথমটো দিনৰ প্ৰথমটো প্ৰদৰ্শনীৰ লগতে প্ৰায় কেইটা প্ৰদৰ্শনীৰ টিকত ইতিমধ্যে সমাপ্ত হৈছে। যাৰ বাবে মুক্তিৰ পূৰ্বেই 'পাঠান' হিট হিচাপে বিবেচিত হৈছে।

ধাৰণা কৰা হৈছে ৩০০ কোটিৰো অধিক ব্যৱসায় কৰিব পাঠানে। তাৰ মাজতে 'পাঠান' লিক হোৱাৰ খবৰে এতিয়া পুনৰ গৰম কৰি তুলিছে বলিউড। দেশৰ একাংশ ৱেবছাইটে দাবী কৰিছে তেওঁলোকে 'পাঠান'ৰ মুক্তিৰ পূৰ্বেই পাঠান বিনামূলীয়াকৈ দেখুৱাইছে।

সূত্ৰ অনুসৰি 'পাঠান' লিক হোৱা বুলি যিসমূহ ৱেবচাইটে দাবী কৰিছে সেই ৱেব চাইটেই আকৌ পাঠানৰ মুক্তিৰ বিৰোধিতা কৰাৰ লগতে 'পাঠান'ক লৈ বিতৰ্ক কৰি আহিছে।

তথ্য অনুসৰি, একাংশ অবৈধ ৱেবছাইট যেনে তামিল ৰকাৰ্ছ, ফিল্মমে4ৱেপ, ফিল্মিজিলা, এমপি4মুভিজ, পাগালৱৰ্ল্ড, ভেগামুভিজে মুক্তিৰ আগতেই 'পাঠান' বোলছবিখন বিনামূলীয়াকৈ প্ৰদৰ্শন কৰাৰ দাবী কৰিছে।

উল্লেখ্য যে 'পাঠান'ৰ গান 'বেচৰম ৰং' মুক্তি পোৱাৰ পিছতে 'গেৰুৱা বিকিনি বিতৰ্ক' আৰম্ভ হৈছিল। যাৰ পিছত মুক্তিৰ আগতেই ছবিখনৰ ট্ৰেইলাৰ লিক হৈছিল আৰু এতিয়া গোটেই ছবিখন অনলাইনত উপলব্ধ বুলি দাবী কৰা হৈছে।