বিনোদন

চানী লিয়নীয়ে পালে চৰকাৰী চাকৰি!, পশ্চিম বংগৰ স্বাস্থ্যখণ্ডৰ তালিকাত আহিছে নাম…

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউদৰ মোহময়ী অভিনেত্ৰী চানী লিয়নীয়ে চাকৰি পাইছে। আচহুৱা যেন লাগিলেও এই কথাই সচাঁ। পশ্চিম বংগৰ স্বাস্থ্যখণ্ডত চাকৰি লাভ কৰিছে চানী লিয়নিয়ে। কিছুদিনৰ পূৰ্বে পশ্চিম বংগৰ স্বাস্থ্য খণ্ডই চাকৰিৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাত আছে অভিনেত্ৰীগৰাকীৰ নাম। তালিকা প্ৰকাশৰ পাছতে এতিয়া পশ্চিম বংগত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইফালে এই কাৰ্য কিছু খেলি মেলিৰ বাবে সংঘটিত হৈছে বুলি সদৰি কৰিছে স্বাস্থ্য খণ্ডই। প্ৰকাশ পোৱা তালিকাত বহু প্ৰাৰ্থীৰ অভিভাৱকৰ স্থানত আহিছে প্ৰাৰ্থীৰ নিজৰ নাম। আনহাতে কিছু প্ৰাৰ্থীৰ নামো ভুলকৈ প্ৰকাশ পাইছে তালিকাত। আনহাতে চানী লিয়নিৰ নামৰ বিপৰীতে তালিকাত পিতৃৰ স্থানত আছে দিলীপ ছানীৰ নাম।

স্বাস্থ্যখণ্ডৰ মতে এই ঘটনা ভুৱা আবেদনকাৰীৰ বাবেই সংঘটিত হৈছে। কিন্তু ইয়াৰ বিপৰীতে একাংশ প্ৰাৰ্থীয়ে অভিযোগ কৰিছে যে, এই তালিকাৰ পৰা বাদ পৰিছে যোগ্য প্ৰাৰ্থীৰ নাম। বিভাগৰ অকৰ্মণ্যতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে প্ৰাৰ্থীসকলে।