বিনোদন

ডেটিঙলৈ যাওঁতে খোৱাৰ বিল দিয়া ল’ৰাবোৰ পছন্দ কৰে ন’ৰাই

Asomiya Pratidin

ডিজিটেল ডেস্ক: সাম্প্ৰতিক সময়ৰ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ন’ৰা ফাতেহী।অভিনয় তথা নতুন নতুন নৃত্য শৈলীৰে দৰ্শকক আকৰ্ষিত কৰা ন’ৰাই কেনেধৰণৰ ল’ৰা পছন্দ কৰে আপুনি জানেনে ? নিজৰ পছন্দ সন্দৰ্ভত শেহতীয়াকৈ মুকলিকৈ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।ইয়াৰ পাছতেই এই বিষয়টোক কেন্দ্ৰ কৰি চৌদিশে যথেষ্ট চৰ্চা আৰম্ভ হৈছে।

টেলিভিছনৰ সবাতোকৈ জনপ্ৰিয় অনুষ্ঠান ‘দ্য কপিল শৰ্মা শ্ব'ৰ শেহতীয়া খণ্ডত অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে। তেওঁ কয়, ‘সেইসকল পুৰুষ মোৰ বহু বেছি প্ৰিয়, যিসকলে ডেটিঙলৈ যাওঁতে খোৱা-বোৱাৰ সকলো বিল পৰিশোধ কৰে।পুৰুষৰ বিল পৰিশোধ কৰিব পৰা গুণটো থাকিব লাগে।পিছে ন’ৰাৰ এই মন্তব্যৰ উত্তৰত অনুষ্ঠানোৰ সক্ৰিয় সদস্য অৰ্চনা পুৰাণ সিঙে কয় যে, আজিকালি দিন সলনি হৈছে। পুৰুষৰ সলনি মহিলাইহে বেছিকৈ বিল পৰিশোধ কৰে। এয়া সময়ৰ আহ্বান।

কপিলৰ এই অনুষ্ঠানটোতৰ উক্ত খণ্ডটোত ন’ৰাৰ লগতে উপস্থিত আছিল অক্ষয় কুমাৰ, দিশা পাটানী, মৌনী ৰয় আৰু সোনম বাজৱা।অনুষ্ঠানটোত এই কেইগৰাকী বলীউডী অভিনেতা-অভিনেত্ৰীয়ে তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ কাৰ্যসূচী 'দ্য এণ্টাৰটেইনাৰ'ৰ প্ৰচাৰৰ বাবে উপস্থিত হৈছিল।

উল্লেখ্য, ন’ৰাক শেষবাৰৰ বাবে আয়ুষ্মান খুৰানাৰ ‘এন একচন হিৰো’ত এটা বিশেষ নৃত্যত দেখিবলৈ পোৱা গৈছিল। তদুপৰি ন’ৰাই শেহতীয়াকৈ অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে ‘আচ্ছা চিলা দিয়া’ শীৰ্ষক এটা  সংগীত ভিডিঅ'ত অভিনয় কৰিছে।পৰৱৰ্তী সময়ত বহু চৰ্চিত এই অভিনেত্ৰীগৰাকীক চাজিদ খানৰ ‘হাণ্ডেড পাৰচেণ্ট’ নামৰ ছবিখনত জন আব্ৰাহাম আৰু শ্বেহনাজ গিলৰ সৈতে দৰ্শকে দেখিবলৈ পাব।