বিনোদন

 ১৫ আগষ্টত কাৰ কি ছবি আহিব ছবিঘৰলৈ?

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগ বাজেটৰ ছবিসমূহৰ মুক্তিৰ দিন অতি সাৱধানে ঠিক কৰা হয়। প্ৰযোজক-পৰিচালকৰ এটা লক্ষ্য যাতে ছবিখনে লোকচানৰ সন্মুখীন হ'ব লগা নহয়। কিন্তু বহুবাৰেই অংক নিমিলে।

একেটা দিনটে ছবিঘৰত মুক্তি পাই কেইবাখনো বিগ বাজেটৰ ছবিয়ে। ঠিক তেনেকৈয়ে সমাগত স্বাধীনতা দিৱসতো মুক্তি পাব দুখনকৈ বিগ বাজেটৰ ছবি 'গ'ল্ড' আৰু 'সত্য মেৱ জয়তে'।

ইয়াৰ লগতে দেউল পৰিয়ালৰ 'য়মলা পাগলা দীৱনা ৩' মুক্তি পোৱাৰ কথা আছিল যদিও ৩১ আগষ্টলৈ ছবিখনৰ মুক্তিৰ দিন পিছুওৱা হৈছে।

মুক্তি পাবলগীয়া 'গ'ল্ড' ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰে। স্বাধীনতাৰ পিছত দেশে হকী খেলত লাভ কৰা প্ৰথমটো সোণৰ পদক লাভ কৰা কাহিনীক আঁত ধৰি নিৰ্মান কৰা হৈছে ছবিখন।

অক্ষয় কুমাৰে এই ছবিখনত ভাৰতীয় হকী দলৰ মেনেজাৰৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ প'ষ্টাৰ আৰু ট্ৰেইলাৰ ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈছে।

ইয়াৰ বিপৰীতে 'সত্য মেৱ জয়তে'ত অভিনয় কৰিছে জন আব্ৰাহমে। ছবিখন একশ্যন আৰু মনোৰঞ্জনধৰ্মী যদিও সমাজত চলি থকা ভ্ৰষ্টাচাৰক এক জলন্ত সমস্যা হিচাপে দেখুওৱা হৈছে। দুয়োখন ছবিয়েই দেশভক্তিৰ ভিন্ন সোৱাদ লৈ ছবিঘৰলৈ আহিব যদিও দৰ্শকে কোনখনক আদৰি লয় সেয়া সময়েহে ক'ব ।