বিনোদন

২১ ছেপ্টেম্বৰত মুক্তি পাব ‘তুমি মোক ফাঁকি দিলা’

asomiyapratidin

ডিজিটেল ডেস্কঃ দিনকদিনে টনকিয়াল হৈছে অসমৰ অসমৰ চলচ্চিত্ৰ জগত। মিচন চাইনাৰ অভূতপূৰ্ব সফলতাৰ পাছতে বহুকেইখন অসমীয়া ছবিক আদৰি লৈছে দৰ্শকে।

অহা ২১ ছেপ্টেম্বৰত ছবিগৃহসমূহত মুক্তি লাভ কৰিব 'তুমি মোক ফাঁকি দিলা' নামৰ অসমীয়া ছবিখনে। ধীৰাজ হীৰাৰ প্ৰযোজনা আৰু হাদিফ আহমেদৰ পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ,কল্পনা কলিতা,নয়ন নিৰ্বানৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। উল্লেখ্য যে, ৰোমাঞ্চ, এক্সনেৰে ভৰপূৰ এই ছবিখনৰ সংগীত পৰিচালনা কৰিছে নন্দিতা ডেকাই।