বিনোদন

অভিনেত্ৰী কংগনাই সন্তানৰ বাবে কিয় নিবিচাৰে একেই লাইফ ষ্টাইল?

asomiyapratidin

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে এতিয়া তেওঁৰ আহিবলগীয়া ছবি 'মণিকৰ্ণিকাঃ দ্য কুইন অৱ ঝাঁচী'ৰ প্ৰমোচনৰ কামত ব্যস্ত হৈ আছে৷ অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ প্ৰমোচনৰ অন্তত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে তেওঁ যুদ্ধ নকৰাকৈ আজিলৈ কোনো বস্তুৱেই হাচিল কৰিব পৰা নাই৷ অভিনেত্ৰীগৰাকীয়ে এয়াও ব্যক্ত কৰে যে তেওঁৰ সন্তানে তেওঁৰ দৰে জীৱন যাপন কৰাটো নিবিচাৰে৷

অভিনেত্ৰীগৰাকীয়ে ৰাণী লক্ষ্মীবাঈৰ জীৱনৰ ওপৰত আলোকপাত কৰি কয়, 'মই ভাৱো ৰাণী লক্ষ্মীবাঈৰ জীৱন দুখদায়ক আছিল৷ তেওঁ জীৱনত বহুত সংঘৰ্ষ কৰিবলগীয়া হৈছিল৷ আমাৰ জীৱনো তেনেকুৱাই৷ আমি তেওঁৰ কাৰণে সদায় সংঘৰ্ষ কৰিব লাগে যাক আমি অন্তৰৰ পৰা বিচাৰো অথৱা আমি যাক ভালপাও৷'

কংগনা ৰাণাৱতে পুনৰ কয়, 'মই মোৰ সন্তানে মোৰ দৰেই জীৱন যাপন কৰাটো মুঠেও নিবিচাৰো৷ ইয়াৰ কাৰণ মই নাজানো৷ কিন্তু মই জন্ম হোৱাৰে পৰা কেৱল যুদ্ধ কৰিবলগীয়া হৈছে৷ এই ক্ষেত্ৰত ৰাণী লক্ষ্মীবাঈ আৰু মোৰ মাজত মিল আছে৷ মোৰ জীৱনত সংঘৰ্ষ নকৰাকৈ মই একোৱে নাপালো৷ কিন্তু ইয়াৰ বাবে মই লজ্জিত অথৱা গৰ্বিত কোনোটোৱেই অনুভৱ নকৰো৷'

'মই মোৰ জীৱনধাৰত সন্তুষ্ট৷ কিন্তু আপুনি যদি মোক প্ৰশ্ন কৰে যে মই মোৰ সন্তানৰ বাবেও এনে জীৱন বিচাৰো নেকি, তেন্তে মোৰ উত্তৰ হ'ব যে মই নিবিচাৰো৷'- অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এনেদৰে মনৰ কথা ব্যক্ত কৰে অভিনেত্ৰীগৰাকীয়ে৷