বিনোদন

১২ ডিচেম্বৰত মুকেশ আম্বানীৰ ছোৱালীৰ বিয়া, অতিথি অনা নিয়া কৰিবলৈ সাজু ৫০খন বিমান

asomiyapratidin

ডিজিটেল ডেস্কঃ এখন হাই প্ৰফাইল বিয়া৷ ১২ ডিচেম্বৰত অনুষ্ঠিত হ'ব বিয়াখন৷ এই ব্যয়বহুল হাই প্ৰফাইল বিয়াখনক লৈ এতিয়া বিশেষ চৰ্চা চলিছে৷ শুকুৰবাৰৰ নিশাৰ পৰাই একপ্ৰকাৰ আৰম্ভ হৈছে বিয়াখন৷ বিয়াখন চৰ্চালৈ অহাৰ কাৰণ আছে৷ কিয়নো এই বিয়াখন হৈছে দেশৰ আটাইতকৈ ধনী ব্যৱসায়ী তথা ৰিলায়েঞ্চ গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰ মুকেশ আম্বানীৰ একমাত্ৰ কন্যা ইছা আম্বানীৰ৷

উল্লেখ্য যে দেশৰ প্ৰতিষ্ঠিত ব্যৱসায়ী পুত্ৰ অজয় পিৰামলৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব আম্বানী কন্যা৷ বহুল চৰ্চিত এই বিয়াখনত উপস্থিত হ'বলগীয়া অতিথিসকলৰ বাবে ৫০খন বিশেষ বিমানৰ লগতে ১০০০খনতকৈও অধিক বিলাসী বাহনৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে৷ ৰাজস্থানৰ উদয়পুৰত মহা ধুমধামেৰে অনুষ্ঠিত হ'বলগীয়া এই বিবাহখনত দেশৰ আগশাৰীৰ ব্যৱসায়ী, চেলিব্ৰেটী আৰু নেতাৰ লগতে বিশ্বৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি অনুমান কৰা হৈছে৷

শুকুৰবাৰে নিশাৰ পৰা প্ৰাক বিবাহ কাৰ্যসূচী আৰম্ভ হোৱা হাই প্ৰফাইল বিয়াখনৰ কইনা ইছা আম্বানীয়ে পিতৃৰ সৈতে শুকুৰবাৰে নিশা ৫১০০ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক ভোজন কৰোৱায় আশীৰ্বাদ বিচাৰে৷ অন্ন সেৱা নামৰ এই কাৰ্যসূচী তিনি দিন পৰ্যন্ত চলিব বুলি জানিব পৰা গৈছে৷