বিনোদন

মুক্তিৰ পূৰ্বেই হৃত্বীক আৰু টাইগাৰৰ ছবি ‘ওৱাৰে’ গঢ়ি অভিলেখ!

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় দৰ্শকে বলিউডৰ জনপ্ৰিয়অভিনেতা, ডেন্সাৰ হৃত্বীক ৰোশ্বন আৰু নৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় অভিনেতাটাইগাৰ শ্ৰফক একেখন ৰূপালী পৰ্দাত চাবলৈ বহু সময় ধৰি অপেক্ষা কৰি আহিছিল। কিন্তুঅৱশেষত গান্ধী জয়ন্তীৰ দিনটোত অৰ্থাৎ বুধবাৰে দুয়োগৰাকী জনপ্ৰিয় অভিনেতাক একেলগেদেখা পালে ছবিগৃহত।

'ওৱাৰ' ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পাছৰ পৰাই যেন ভাৰতীয় দৰ্শকে এই ছবিখন চাবলৈ উৎসাহিত হৈ আছিল। আৰু সেয়েহে হয়তো ছবিখনে গঢ়িলে এক অভিলেখ। হৃত্বীক ৰোশ্বন আৰু টাইগাৰ শ্ৰফে অভিনয় কৰা এই ছবিখনৰ প্ৰি-বুকিং শুকুৰবাৰৰ পৰাই আৰম্ভ হয়। আৰু প্ৰি-বুকিঙৰ ক্ষেত্ৰত এই হিন্দী ছবিখনে অভিলেখ গঢ়ে।

বক্স অফিচ ইণ্ডিয়া ড'ট ক'ম অনুসৰি'ওৱাৰ' ছবিখন এই দশকৰ ভিতৰত আটাইতকৈ বেছি এডভান্স টিকট বিক্ৰী হোৱা ফিল্ম। অৱশ্যেএই ক্ষেত্ৰত দক্ষিণ ভাৰত আৰু হলিউডক অন্তৰ্ভুক্ত কৰা হোৱা নাই। এডভান্স টিকটবুকিঙৰ দ্বাৰা এই ছবিখনে লাভ কৰা মুঠ ধন প্ৰায় ৩১-৩২ কোটি টকা। উল্লেখ্য যে, এইছবিখনে অভিলেখ গঢ়িছে যদিও, তিনিটা ভাষাত মুক্তি হোৱা বাহুবলী-২ আৰু এডভেন্সাৰএণ্ডগেমতকৈ এডভান্স বুকিঙৰ ক্ষেত্ৰত হৃত্বীক আৰু টাইগাৰৰ ছবিখন পিছ পৰি আছে।