বিনোদন

দ্বিতীয় দিনাও ভাল উপাৰ্জন কৰিলে অক্ষয় কুমাৰৰ হাউছফুল-৪য়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ দৰ্শকে আকোৱালি লৈছে হাউছফুল সংস্কৰণৰ চতুৰ্থখনছবি। অক্ষয় কুমাৰৰ এই ছবিখনে প্ৰথমদিনাই উপাৰ্জন কৰে ভালেখিনি পৰিমানৰ ধন। অভিনেতাঅক্ষয় কুমাৰৰ লগতে এই ছবিখনত আছে ৰিতেশ দেশমুখ, ববী দেউল আৰু বহু কেইগৰাকীপ্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰী। উল্লেখ্য যে, এই ছবিখন মুক্তিৰ প্ৰথমদিনাই সংগ্ৰহকৰে প্ৰায় ১৮.৫০ কোটি টকা।

হাউছফুল-৪ ছবিখনেদ্বিতীয়দিনাও দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয়। দ্বিতীয়দিনা প্ৰায় ১৮ কোটি টকাউপাৰ্জন কৰে হাউছফুল-৪য়ে। আৰু হাউছফুল-৪ৰ টীমে এই ছবিখন ছুপাৰহীট হ'ব বুলি আশাব্যক্ত কৰিছে। এতিয়া আগন্তুক দিনৰ প্ৰদৰ্শনীৰ বাবে ছবিখন চাবলৈ ছবিগৃহবোৰ দৰ্শকে হাউছফুলকৰে নে নকৰে সেয়া চাবলগীয়া হ'ব।