বিনোদন

অভিনয়ৰ বাবে সাজু অমিতাভৰ নাতি

asomiyapratidin

ডিজিটেল ডেস্কঃ অচিৰেই বলীউডত খলকনি তুলিব কেবাজনো নতুন অভিনেতা-অভিনেত্ৰীয়ে। তেওঁলোকৰ আছে এক বিশেষ পৰিচয়। কিয়নো বলীউডৰ বহু প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীৰ পুত্ৰ-কন্যা তেওঁলোক।

সদ্যপ্ৰয়াত শ্ৰীদেৱীৰ জ্যেষ্ঠ কন্যা জাহ্নৱী কাপুৰ সাজু হৈছে তেওঁৰ প্ৰথমখন ছবিৰ বাবে। 'ধড়ক' নামৰ ছবিখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিব শ্ৰীদেৱী আৰু বণীকাপুৰৰ কন্যাই। ইফালে, ছঈফ আলী খানৰ জীয়ৰী ছাৰা আলী খান অভিনীত ছবি 'কেডাৰনাথ' সাজু হৈছে মুক্তিৰ বাবে।

বলীউদত কমেডী চৰিত্ৰৰে দৰ্শকৰ মাজত বিশেষ স্থান দখল কৰা ছংকী পাণ্ডেৰ কন্যা অনন্যা পাণ্ডে এতিয়া ব্যস্ত শ্বুটিঙত।ষ্টুডেণ্ট অৱ দ্যা ইয়েৰ-২ৰ শ্বুটিঙত ব্যস্ত আছে অনন্যা।

কেৱল তেওঁলোকেই নহয়, এইবাৰ ছবিত আপোনালোকে দেখিবলৈ পাব অমিতাভ বচ্চনৰ জীয়ৰি শ্বেতা বচ্চনৰ পুত্ৰক। অমিতাভৰ নাতি যে ইমান ডাঙৰ হ'ল আপোনালোকে হয়তো ভবাই নাই। বিগ বিৰ নাতি আগষ্ট্যা নন্দা বলীউদত প্ৰৱেশৰ বাবে প্ৰায় সাজু হৈছে। নাতিয়েকক এই ক্ষেত্ৰত সহায় কৰিছে খোদ বিগ বী অমিতাভ বচ্চনে।