বিনোদন

পুৱা ১০বজাৰ পৰা দীপিকা, চাৰা আৰু শ্ৰদ্ধাৰ জেৰা হ’ব আৰম্ভ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ড্ৰাগছ প্ৰসংগৰে নাম সাঙুৰ খাই পৰা বলিউদৰ তিনি অভিনেত্ৰীক আজি এন চি বিয়ে চলাব জেৰা। অভিনেত্ৰী দীপিকা, চাৰা আৰু শ্ৰদ্ধা কাপুৰক শনিবাৰে পৃথকে পৃথকে জেৰা চলাব এন চি বিয়ে।

পুৱা ১০ বজাত এন চি বিয়ে মুম্বাইৰ এটা গেষ্ট হাউচত সোধ পোছ কৰিব দীপিকাক। ইফালে শ্ৰদ্ধা আৰু চাৰাক এন চি বিৰ জাৰ্নেল অফিচত সোধ পোছ কৰা হব। উল্লেখ্য যে, ইয়াৰ পিছতে প্ৰায় ৫০গৰাকী বলিউদৰ কলা-কৌশলীক সোধ পোছৰ সম্ভাৱনা আছে এন চি বিয়ে।