বিনোদন

ইটালীত ৰণবীৰ দীপিকাৰ বিয়া, চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত পৰিল। অৱশেষত আনুষ্ঠানিক ভাৱে চিৰজীৱনৰ বাবে একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বাজীৰাওৰ হাতত হাত থলে মস্তানীয়ে।

ইটালীত লৌম্বাডীৰ লেক কেমৌত কৌকণী ৰীতি-নীতিৰে বিবাহ সম্পন্ন হল ৰণবীৰ দীপিকাৰ। বিয়াত উপস্থিত থাকিল ৪০ জন অতিথি। ইটালীৰ সাগৰৰ পাৰৰ মনোমহা পৰিৱেশত অৱস্থিত 'ভিলা ডেল বালবিয়ানে'ল'ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই বিয়া।

কটকটীয়া সুৰক্ষাৰ বাবে বিয়াৰ ভিতৰৰ কোনো ফটো বা ভিডিঅ' ভাইৰেল হোৱা নাই যদিও বাহিৰৰ পৰিৱেশ ইতিমধ্যে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত।

মঙলবাৰে বিয়াৰ মেহেন্দী আৰু সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। খবৰ অনুসৰি মঙলবাৰে ৰণবীৰে দীপিকাক ছবিৰ ভংগিমাৰে আঠুকাঢ়ি পিন্ধালে বিয়াৰ আঙুঠি। দীপিকা আৰু ৰণবীৰৰ বিয়া উপলক্ষে আটকধুনীয়াকৈ সজাই তোলা 'ভিলা ডেল বালবিয়ানেল'ৰ এটা ভিডিঅ-