বিনোদন

৪ দিনৰ পাছত বিয়া, আজি ইটালিলৈ উৰা মাৰিলে বলিউডৰ ২ তাৰকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ মুম্বাই বিমান বন্দৰত শনিবাৰে পুৱাই দেখা পোৱা গ'ল বলিউডৰ দুই তাৰকাক। মুখত প্ৰাপ্তিৰ হাঁহি আৰু দুয়োৰে পিন্ধনত আছিল বগা পোছাকত। দুয়োকে দেখা পাই গুণমুগ্ধসকলে ঘেৰি ধৰিলে তেওঁলোকক। অনেক প্ৰশ্ন তেওঁলোকৰ প্ৰতি। কোনোবাই যদি ফটো উঠালে, আন কোনোবাই খা-খবৰ ল'লে। নল'বই বা কিয়? দুয়ো এক বিশেষ উদ্দেশ্যে ইটালিলৈ উৰা মাৰিবলৈ পুৱাই আহি উপস্থিত হৈছিল বিমান বন্দৰত।

সংবাদমাধ্যমৰ লোকেও ঘেৰি ধৰিছিল দুয়োকে। এজনে হাতযোৰ কৰি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিলে। আন গৰাকীয়ে লাজুকীয়া হাঁহিৰেই যেন কৈ গ'ল সকলো কথা। ১৪ আৰু ১৫ নবেম্বৰত দুয়োৰে বিয়া। দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই বিবাহ অনুষ্ঠান। তাৰপাছত পাটনি মেলিব জীৱনৰ দ্বিতীয় ইনিংছৰ।

গুণমুগ্ধ, পৰিয়াল-স্বজন সকলোৰে পৰা বিদায় লৈ যোৱাৰ আগমুহূৰ্তত কৈ গ'ল- 'আমাৰ পৰিয়ালৰ ইচ্ছা, আশীৰ্বাদ আৰু অতি আনন্দৰে আপোনালোকক আমি জনাও যে, অহা ১৪ আৰু ১৫ নবেম্বৰ ২০১৮ত আমি দুয়ো যুগ্ম জীৱন আৰম্ভ কৰিম। আপোনালোকে যোৱা দিনবোৰত আমাক যি সাহস, প্ৰেৰণা, আশীৰ্বাদ, মৰম দিলে তাৰ বাবে আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ।' এইদৰে দুয়োৱে সকলোকে উদ্দেশ্যি কৈ উৰা মাৰিলে ইটালি দিশে। মাজত মাথোঁ আৰু ৪টা দিন। তাৰ পাছতেই অভিনেত্ৰী দীপিকা পাডুকন হৈ পৰিব অভিনেতা ৰণবীৰ সিঙৰ ধৰ্মপত্নী।