বিনোদন

হও নহওকৈ অৱশেষত হ’লগৈ তেওঁলোকৰ বিয়াখন

asomiyapratidin

ডিজিটেল ডেস্কঃ বিয়াখনৰ সন্দৰ্ভত মাজতে খুবেই চৰ্চা হৈছিল। বিয়াখনত উপস্থিত থাকিবলগীয়া অতিথি পৰ্যন্ত ঠিক কৰা হৈছিল। কিন্তু কিছু অসুবিধাৰ বাবে এই বিশেষ বিয়াখন পিছুৱাৰ খবৰ আহিছিল। শেহতীয়াকৈ আকৌ এই প্ৰেমিক চৰাইহাঁলিয়ে ৬ বছৰীয়া প্ৰেমৰ সৰ্ম্পকক বিবাহৰ বান্ধোনলৈ ৰূপান্তৰ কৰিবলৈ আগবাঢ়িছে।

বিয়াৰ প্ৰস্তুতি এতিয়া তুংগত। অতিথিৰ পৰা আদি বিয়াৰ নিমন্ত্ৰণী পত্ৰ আৰু বিবাহস্থলী সকলো সাজু। দীৰ্ঘদিন ধৰি বিয়াৰ সম্পৰ্কে এষাৰো কথা নোকোৱা দৰা-কইনাই এইবাৰ নিজেই বিয়াৰ দিন ঘোষণা কৰাৰ উপৰি নিমন্ত্ৰণী পত্ৰখনো ৰাজহুৱা কৰিলে।

দীপিকা ৰণবীৰৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ

বিয়াখন বলিউদৰ জনপ্ৰিয় তাৰকা দীপিকা আৰু ৰণবীৰ সিঙৰ।দেওবাৰে অভিনেতা ৰণবীৰ সিঙে টুইটাৰত বিয়াৰ নিমন্ত্ৰণী পত্ৰ খন পোষ্ট কৰি লিখিছে '১৪ আৰু ১৫ নৱেম্বৰত আমাৰ বিয়া ঠিক হৈছে। ইমান বছৰে আপোনালোকে দিয়া মৰম,স্নেহৰ বাবে আমি চিৰ কৃতজ্ঞ। আমাৰ প্ৰেম,বন্ধুত্ব আৰু বিশ্বাসৰ এনাজৰীয়ে নতুনকৈ আৰম্ভ হব লগা যাত্ৰাৰ বাবে আপোনালোকৰ আৰ্শীবাদ বিছাৰিলো।'

খবৰ অনুসৰি দীপিকা ৰণবীৰৰ বিয়া অনুষ্ঠিত হ'ব ইটালীৰ 'লেক কৌমৌ'ত। বিয়াখনত উপস্থিত থাকিব মাত্ৰ ৩০ জন অতিথি। ইতিমধ্যে ছচিয়েল মিডিয়াৰ যোগে অনুৰাগী সকলে দীপিকা আৰু ৰণবীৰ জনাইছে বিয়া শুভকামনা ।