বিনোদন

দীপিকাৰ বিয়া, ভিনিহিদেউ হ’ব কোন?

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউডত বিয়াৰ উজান উঠিছে। প্ৰিয়ংকাৰ পাছত আন এগৰাকী বলিউডৰ অভিনেত্ৰী সাজু হৈছে বিয়াৰ বাবে। ৬বছৰ দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। তাৰেই স্থায়িত্বৰূপ দিবলৈ দুয়ো সিদ্ধান্ত লৈছে।

২০ নবেম্বৰত হ'ব এই বিয়া। ভাৰতত অৱশ্যে নহয় এই বিবাহ অনুষ্ঠান। সুদূৰ ইটালীত বলিউডৰ এইগৰাকী অভিনেত্ৰীয়ে পিন্ধিব বিয়াৰ সাজ। বিয়াৰ অতিথিৰ সংখ্যা মাত্ৰ ৩০। অৰ্থাৎ ৩০গৰাকী অতিথিক সাক্ষী কৰি জীৱন সংগীৰ সৈতে বলিউডৰ সুন্দৰী অভিনেত্ৰীগৰাকীয়ে মেলিব দ্বিতীয় ইনিংছৰ পাতনি।

ইটালীৰ যি ঠাইত কিছুদিনৰ পূৰ্বে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাৰ বিবাহ অনুষ্ঠিত হৈছিল, সেই স্থানতেই অনুষ্ঠিত হ'ব এইখন বিয়াও। ইতিমধ্যে বিবাহৰ স্থান, অতিথিক অপ্যায়ন কৰিবলগা খাদ্য তালিকাৰ মেনু ঠিক হৈছে।

বলিউডৰ কেবাজনো অভিনেতা-অভিনেত্ৰীক নিমন্ত্ৰণ জনোৱা হৈছে বিবাহ অনুষ্ঠানলৈ। নিমন্ত্ৰণ লাভ কৰা প্ৰায় সকলে এই বিবাহত উপস্থিত থকাৰ আশ্বাস দিছে।

অৱশ্যে বিয়াৰ পাছত মুম্বাইত অনুষ্ঠিত হ'ব মূল অভ্যৰ্থনা অনুষ্ঠান। সেই অভ্যৰ্থনাত প্ৰায় ২ শতাধিক অতিথিক নিমন্ত্ৰণ কৰা হ'ব। বিয়াৰ বজাৰো হৈ গৈছে দুয়োৰে।

দুয়োৰে প্ৰেমৰ কাহিনী সকলোৱে জানে। কিন্তু নতুন খবৰটো হ'ল- তেওঁলোকে ইতিমধ্যে বিয়াৰ তাৰিখ ঠিক কৰিছে। একো অথন্তৰ নঘটিলে ২০ নবেম্বৰত কইনা দীপিকাৰ শিৰত ৰণবীৰে সানি দিব তেজাল সেন্দুৰ। এই বিয়াক লৈ এতিয়া ভীষণ ব্যস্ত অভিনেত্ৰী দীপিকা পাদুকন আৰু অভিনেতা ৰণবীৰ সিং।