বিনোদন

দৌলাশালত নাগাৰা নাম, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালৰ শ্ৰীশ্ৰী মা-কালী মন্দিৰ প্ৰাংগণত ৰাইজৰ মঙ্গলাৰ্থে উদযাপন কৰি অহা নাগাৰা নামৰ এইবেলি ঊনবিংশতিতম বৰ্ষ। শনিবাৰে নিশা ৯ বজাত ৰাজ্যখনৰ দুটা মহিলা নাগাৰা নাম দলে নাগাৰা নাম পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে।

দ্বাৰ মুকলি কৰি নাগাৰা নামৰ উদ্বোধন কৰে দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীয়ে। নাগাৰা নাম পৰিৱেশন কৰে কামৰূপ জিলাৰ ৰঙিয়াৰ জয়ন্তীপুৰ আঞ্চলিক নৱ-মিলন ছোৱালী নাম দলৰ পাঠিকা গীতাঞ্জলী কলিতা আৰু হালোগাঁৱৰ মা-মনসা ছোৱালী নাম দলৰ পাঠিকা বৰষাৰাণী দাসে।

নাগাৰা নাম উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি পুৱা বন্তি প্ৰজ্বলনৰ পিছত কীৰ্ত্তন পাঠ, ভোৰতাল নাম, সংকীৰ্ত্তন আদি অনুষ্ঠান অনুষ্ঠিত হৈ যায়।