বিনোদন

সুন্দৰী নতুন অভিনেত্ৰীয়ে কি কৰিব লাগে? তনুশ্ৰীৰ মন্তব্যক লৈ তোলপাৰ বলীউড

asomiyapratidin

ডিজিটেল ডেস্কঃ নতুন সুন্দৰী অভিনেত্ৰীসকল বলীউডত কেনে পৰিস্থিতিৰ সন্মুখীন হয়? অভিনেত্ৰী তনুশ্ৰী দত্তৰ একাধিক অভিযোগৰ পিছতে বিষয়টোক লৈ উত্তপ্ত হৈ পৰিছে বলীউডৰ ভিতৰচ'ৰা।

ইয়াৰ মাজতে তনুশ্ৰীৰ পক্ষত শক্তিশালী ৰূপত থিয় দিছে ফ্ৰিডা পিণ্টো। বুধবাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে তনুশ্ৰীক সাহস নেহেৰুৱাই যুঁজ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। সময় পাৰ হৈ গ'লেও অপৰাধ মচ নাখায় বুলিও পোষ্টটোত মন্তব্য কৰে ফ্ৰিডাই। তেওঁ কয় যে কিছুদিন পিছতে ম্যাদ উকলি যাবলৈ মানুহৰ জীৱনৰ কাহিনী গাখীৰৰ পেকেটৰ দৰে নহয়।

ইফালে, বৰ্ষীয়ান অভিনেতা শক্তি কাপুৰে মঙলবাৰে এই সন্দৰ্ভত কয় যে নানা পাটেকাৰে তনুশ্ৰীক যি সময়ত নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপিত হৈছে সেই সময়ৰ কথা তেওঁ একো নাজানে।

'এয়া ১০ বছৰ আগৰ কথা। মোৰ একোৱেই মনত নাই। থাকিবই বা কেনেকৈ মনত? মই তেতিয়া তেনেই শিশু আছিলো।'- ৬৬ বৰ্ষীয় অভিনেতাজনে কয়। কাপুৰৰ এই মন্তব্যৰ পিছতে সৃষ্টি হৈছে আন এক বিতৰ্কৰ। ৫৫ বছৰ বয়সতো মানুহ কিদৰে শিশু হৈ থাকিব পাৰে সেয়া শক্তি কাপুৰৰ পৰা শিকিবলৈ ভিন্নজনে ছ'চিয়েল মিডিয়াত অাগ্ৰহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, নানা পাটেকাৰৰ পিছত আগশাৰীৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল অভিনেত্ৰী তনুশ্ৰী দত্ত। #MeToo Movementৰ অংশ হিচাপে অভিনেত্ৰীগৰাকীয়ে বলীউডত অভিষেক ঘটোৱাৰ সময়ত সন্মুখীন হোৱা অনাহূত পৰিস্থিতিৰ কথা ৰাজহুৱা কৰে।

অভিনেত্ৰীগৰাকীয়ে কয় যে ২০০৫ চনত চকোলেট ছবিখনৰ শ্বুটিঙৰ সময়ত অগ্নিহোত্ৰীয়ে তেওঁৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাবলৈ চেষ্টা চলাইছিল। পৰিচালক অগ্নিহোত্ৰীয়ে দেহৰ সকলো পোচাক খুলি বন্ধ কোঠাত নাচিবলৈ নিৰ্দেশ দিয়া বুলি তনুশ্ৰীয়ে কৰা অভিযোগৰ পিছতে বলীউডত সৃষ্টি হৈছে খলকনিৰ।

বিবেক অগ্নিহোত্ৰীয়ে উক্ত অভিযোগক ভিত্তিহীন আখ্যা দিয়াৰ সময়তে তনুশ্ৰীয়ে পুনৰ কৈছে যে সেই সময়তে তেনে পৰিস্থিতিৰ পৰা তেওঁক উদ্ধাৰ কৰিছিল অভিনেতা ইৰফান খান আৰু সুনীল ছেট্টীয়ে।

একাংশ লোকে মনলৈ যি আহিছে সেয়াই কৈ গৈছে বুলি দাবী কৰাৰ বিপৰীতে ইতিমধ্যে প্ৰিয়ংকা চোপ্ৰা, ফাৰহান আখতাৰ, টুইংকল খান্নাকে আদি কৰি কেবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে এইক্ষেত্ৰত তনুশ্ৰীক সমৰ্থন জনাবলৈ আগবাঢ়ি আহিছে।

চকোলেট ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটাইছিল বংগকন্যা তনুশ্ৰী দত্তই। বলীউডত অভিনয়ৰ সুযোগ পাবলৈ নতুন অভিনেত্ৰীসকলে বহু জ্যেষ্ঠ পৰিচালক-প্ৰযোজকৰ নিৰ্যাতন নীৰৱে সহ্য কৰিবলগীয়া হয় বুলি দীৰ্ঘদিন ধৰি মন্তব্য কৰি আহিছিল তনুশ্ৰীয়ে।

অৱশেষত কিছুদিন পূৰ্বে নানা পাটেকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপনেৰে #MeToo Movementত সক্ৰিয় হৈ পৰে অভিনেত্ৰীগৰাকী। পাটেকাৰে সেই অভিযোগ খণ্ডন কৰে যদিও নিজৰ স্থিতিত সম্পূৰ্ণৰূপে অটল হৈ থকা তনুশ্ৰীয়ে বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধেও অভিযোগ তোলে।