বিনোদন

সুধাকণ্ঠৰ জীৱন কাহিনীৰে নিৰ্মাণ হ’ব ‘ধুমুহা’

asomiyapratidin

ডিজিটেল ডেস্কঃ ভূপেন হাজৰিকাৰ জীৱন কাহিনী বন্দী হ'ব ৰীলত। এই বিশিষ্ট অসমীয়াগৰাকীৰ জীৱন কাহিনীক লৈ নিৰ্মাণ হ'ব এখন ছবি। কল্পনা লাজমীয়ে পৰিচালনা কৰিবলগীয়া ছবিখনৰ নাম ইতিমধ্যে ঠিক কৰা হৈছে।

'ধুমুহা' নামৰ এই ছবিখনত সুধাকণঅঠৰ জীৱন কাহিনী দেখিবলৈ পাব দৰ্শকে। বলীউডৰ বিশিষ্ট প্ৰযোজক মহেশ ভাট আৰু পূজা ভাটে প্ৰযোজনা কৰিবলগীয়া ছবিখনত ভূপেন হাজৰিকাৰ জীৱন সংগ্ৰামৰ সকলো দিশ উন্মোচিত হ'ব।

উল্লেখযোগ্য যে ভূপেন হাজৰিকাৰ জীৱনক লৈ নিৰ্মাণ হবলগীয়া ছবিখনৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আৰম্ভ হৈছে। এই বৰ্ণিল জীৱনক কিদৰে ছবিৰ মাধ্যমেৰে তুলি ধৰা হয় তাক লৈ দৰ্শকৰ মাজতো উৎসুকতাৰ সৃষ্টি হৈছে।

ভাৰতীয় সংগীত জগতৰ ভোটাতৰা সদৃশ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হৈছিল। সেই সময়ত তেওঁক শেষ বিদায় দিবলৈ সমবেত হৈছিল ৫ লক্ষাধিক গুণমুগ্ধৰ।