বিনোদন

Bigg Boss 16: ‘বিগ বছ’ৰ ৰজা শিৱ থাকৰে

Asomiya Pratidin

ডিজিটেল ডেস্ক : Bigg Boss 16: টেলিভিছনৰ সবাতোকৈ চৰ্চিত ৰিয়েলিটী শ্ব’ ‘বিগ বছ’ৰ ৰজা হ’ল শিৱ থাকৰে।এতিয়া গোটেই ঘৰখনকে আঙুলিৰ মূৰত নচুৱাব পাৰিব শিৱ থাকৰেয়ে।শিৱৰ প্ৰতিটো আদেশ মানিব লাগিব ঘৰৰ প্ৰত্যেকজন সদস্যই। হয়, বিগ বছৰ এই সপ্তাহৰ কেপ্টেইন হিচাপে নিৰ্বাচিত হয় ‘বিগ বছ মাৰথী’ৰ বিজেতা তথা অভিনেতা শিৱ থাকৰে।উল্লেখ্য, কেপ্টেইনসকলক শেহতীয়াকৈ ‘বিগ বছ’ত ৰজা হিচাপে আখ্যা দিয়া হৈছে।

ইফালে টুইটাৰত ‘ট্ৰেণ্ড’ত থকা ‘বিগ বছ’ৰ প্ৰতিযোগীৰ সকলো অভিলেখ ভংগ কৰিছে শিৱ থাকৰেয়ে।শিৱৰ নামত তেওঁ অনুৰাগীয়ে ২ মিলিয়ন টুইট কৰি পূৰ্বৰ সকলো প্ৰতিযোগীৰ অভিলেখ ভংগ কৰিছে। ‘বিগ বছ-১৬’ত ২ মিলিয়ন টুইট অতিক্ৰম কৰা শিৱেই হৈছে প্ৰথম প্ৰতিযোগী। 

অত্যন্ত চতুৰালিৰে খেল খেলি দৰ্শক হৃদয় জয় কৰা শিৱে এটা বিশেষ কাৰ্যৰ জৰিয়তে কেপ্টেইনৰ অধিকাৰ নিজৰ নাম কৰে।ছাজিদ খানৰ কেপ্টেইনৰ ম্যাদ উকলি যোৱাত ‘বিগ বছ’য়ে ছাজিদৰ প্ৰিয় আব্দু ৰজিক, নিমৰিত কৌৰ আহলুৱালিয়া আৰু শিৱ থাকৰেৰ মাজতহে কেপ্টেইন হ’ব বুলি নিশ্চিত কৰি তেওঁলোকক এক বিশেষ কাৰ্য সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়ে।এই কাৰ্যত তেওঁলোক তিনিজনক বাকী ঘৰৰ সদস্যই চৰ্ত সাপেক্ষে কেইটামান বিশেষ কাম কৰিবলৈ দিয়ে।এই কাৰ্যত আব্দু ৰজিক আৰু নিমৰিত কৌৰ আহলুৱালিয়া বিফল হোৱাৰ বিপৰীতে শিৱ থাকৰে এই কাৰ্যত জয়ী হয়।

কিন্তু ইয়াৰ পাছতে ‘বিগ বছ’য়ে খেলখনত এক নতুন মোৰ আনে।এই কাৰ্যত জয়ী হোৱাৰ পাছত শিৱক পোনপটীয়াকৈ কেপ্টেইনৰ অধিকাৰ নিদিলে ‘বিগ বছ’য়ে। ‘বিগ বছ’য়ে ঘৰৰ অন্যতম চৰ্চিত সদস্য ছালীন ভানোট,টীনা দত্ত আৰু সৌন্দৰ্য্যা শৰ্মাক তিনি প্ৰতিদ্বন্দ্বী আব্দু ৰজিক, নিমৰিত কৌৰ আহলুৱালিয়া আৰু শিৱ থাকৰেৰ ভিতৰৰ এজনক ঘৰৰ কেপ্টেইন নিৰ্বাচিত কৰাৰ দায়িত্ব দিয়ে।ছালীন, টীনা আৰু সৌন্দৰ্য্যাইহে শিৱক ঘৰৰ পৰৰ্ৱতী কেপ্টেইন হিচাপে নিৰ্বাচন কৰে।

ইফালে,নিজৰ বয়সতকৈ ২০ বছৰ ডাঙৰ ছালীন ভানোটৰ প্ৰেমত পৰি চৰ্চাত থকা ছুম্বুল তৌকিৰ খানক তেওঁৰ পিতৃৰ সৈতে ফোন যোগে কথা পতাৰ সুযোগ দিলে ‘বিগ বছ’য়ে।কিন্তু প্ৰতিযোগীগৰাকীৰ পিতৃয়ে ছালীন-টীনাৰ বিষয়ে বহু বেয়াকৈ বাখ্যা কৰি ‘বিগ বছ’ৰ ৰোষত পৰে।ফলত, ‘বিগ বছ’য়ে ছুম্বুলক পৰৱৰ্তী সময়ত আৰু এনে সুযোগ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে।