বিনোদন

বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে বাংগালুৰুত উপস্থিত ৰণবীৰ-দীপিকা

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৱা সপ্তাহত বিবাহ পাশত আৱদ্ধ হোৱা বলিউডৰ দুই তাৰকা ৰণবীৰ আৰু দীপিকা মঙলবাৰে উপস্থিত হয়গৈ বাংগালুৰুত। ইটালীৰ লম্বাৰডীত বিবাহ সম্পন্ন হোৱা পাছত ১৮ নবেম্বৰত মুম্বাইস্থিত ৰণবীৰ বাসগৃহত উপস্থিত হৈছিল নতুন দাম্পত্য হাল। আজি বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে বাংগালুৰুত উপস্থিত হৈছেগৈ তাৰকাদ্বয়। উল্লেখ্য যে, অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব বলিউডৰ বহু তাৰকা।