বিনোদন

অভিনেতা আয়ুষ্মান খুৰানাৰ ‘আৰ্টিকল ১৫’ৰ ট্ৰেইলাৰ মুকলি, ১২ ঘণ্টাতেই চালে ৪লাখৰো অধিক লোকে… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাৰ নতুন ছবি 'আৰ্টিকল-১৫'ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। এই ছবিখনৰ ট্ৰেইলাৰটোত আয়ুষ্মান খুৰানাক এক অন্য ৰূপত দেখিবলৈ পোৱা গৈছে। সোমবাৰে মুকলি কৰা ছবিখনৰ ট্ৰেইটাৰটো ইতিমধ্যে প্ৰায় ৪ লাখ লোকে চাইছে।

ইফালে, ট্ৰেইলাৰটোত আয়ুষ্মান খুৰানাই ভাৰতীয় সংবিধানৰ ১৫নং অনুচ্ছেদ সন্দৰ্ভত ট্ৰেইলাৰটোত কয়- ধৰ্ম, জাতি, লিং বা জন্মস্থানৰ আধাৰত ভেদা-ভেদ কৰা নহ'ব। লগতে আয়ুষ্মান খুৰানাই ট্ৰেইলাৰটোত কয়- 'ভেদাভেদ বহুত কৰিলো, এতিয়া পৰিৱৰ্তন আনিম।' উল্লেখ্য যে, অনুভৱ সিনহাই পৰিচালনা কৰা এই ছবিখন অহা ২৮ জুনত মুক্তি পাব।