বিনোদন

ৰূপালী পৰ্দাত পুনৰ একেলগে দেখা যাব অৰ্জুন-কৰীণাক

asomiyapratidin

ডিজিটেল ডেস্কঃ 'কী এণ্ড কা'ক দৰ্শকে আদৰি লোৱাৰ পাছত আকৌ এবাৰ একেলগে দেখা পাব অৰ্জুন আৰু কৰীণাক। ২০০৭ চনত নিৰ্মিত অনুৰাগ বসুৰ 'লাইফ ইন এ মেট্ৰ' ছবিখনৰ আহিবলগীয়া ছিকুৱেলত একেলগে কাম কৰিব এই ৰোমান্টিক যুটিঁয়ে।

বলীউডক বহু কেইখন ভিন্নধৰ্মী আমোদজনক ছবি উপহাৰ দিয়া পৰিচালক অনুৰাগ বসুৰ এই ছবিখনত সংগীত পৰিচালনা কৰিব প্ৰীতমে। ২০০৭ চনত নিৰ্মাণ হোৱা ছবিখনত চাৰিটা কাহিনী একেলগ কৰি দেখুৱা হৈছিল যদিও আহিবলগীয়া ছিকুৱেলৰ কাহিনী হ'ব সম্পূৰ্ণ সুকীয়া।

সেই সময়ত ছবিখনে বক্স অফিচত ভাল ব্যৱসায়ৰ লগতে সমালোচকসকলৰো দৃষ্টি আকৰ্ষণ কৰিছিল। অৰ্জুন আৰু কৰীণাৰ ব্যস্ততাৰ বাবে ছবিখনৰ শ্বুটিং সম্পকে কোনো সিন্ধান্ত লোৱা নাই যদিও অচিৰেই আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।