বিনোদন

৬ বছৰীয়া নিতাৰাক শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ দিলে অক্ষয় কুমাৰে, ভাইৰেল VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৱা কিছুদিনৰ পৰা বলিউডৰ 'খিলাড়ী' অক্ষয় কুমাৰ ব্যস্ত হৈ পৰা দেখা গৈছে নিজৰ আগন্তুক ছবি '২.০'ৰ কাৰণে। কিন্তু ব্যস্ততাৰ মাজতে অভিনেতাগৰাকীয়ে ৬ বছৰীয়া কন্যা নিতাৰাৰ সৈতে শৰীৰ চৰ্চা কৰা এটা ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। বলিউডৰ তাৰকাগৰাকীয়ে নিজৰ স্বাস্থ্য সবল কৰি ৰখাৰ লগতে কন্যাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া দেখা গৈছে এই ভিডিঅ'টিত।

ভিডিঅ'টোত মাত্ৰ ৬ বছৰীয়া নিতাৰাই দুডাল ৰছীৰ সহায়ত শৰীৰ চৰ্চা কৰা দেখা গৈছে। য'ত পিতৃ অক্ষয় কুমাৰে প্ৰশিক্ষণ দি আছে নিতাৰাক। মাত্ৰ দুঘন্টা পূৰ্বে অভিনেতা অক্ষয় কুমাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আপলোড দিয়া এই ভিডিঅ'টো বৰ্তমানলৈ ১৩ লাখতকৈও অধিক লোকে চাইছে। ভিডিঅ'-

https://www.instagram.com/p/BqBv0drncjx/?utm_source=ig_web_copy_link

উল্লেখ্য যে, অক্ষয় কুমাৰৰ এই কেইদিন তেওঁৰ নতুন ছবি '২.০'ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। ছবিখনত দেখা পোৱা যাব দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু অক্ষয় কুমাৰক। অহা ২৯ নবেম্বৰত ছবিগৃহ মুক্তি পাব ছবিখনে।