বিনোদন

নেহা আছিল ধেমালি, আদিত্য নাৰায়ণৰ সেন্দুৰ শ্বেতাৰ শিৰতহে উজলিল…

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা, গায়ক আদিত্য নাৰায়ণ আৰু অভিনেত্ৰী শ্বেতা আগৰৱাল বিবাহ পাশত আবদ্ধ হৈছে। তেওঁলোকৰ বিয়াৰ ফটো আৰু ভিডিঅ'ই ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। তেওঁলোকৰ বিয়াক লৈ দুয়োৰে অনুৰাগীসকল মাজতো দেখা গৈছে উচাহ আৰু চৰ্চা।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা আদিত্য নাৰায়ণৰ বিয়াৰ ৰিচেপশ্যনত উপস্থিত আছিল জনপ্ৰিয় কৌতুক অভিনেত্ৰী ভাৰতী সিঙকে আদি কৰি অভিনেতা গোৱিন্দাৰ পৰিৱাল আৰু বহু জনপ্ৰিয় বলিউড তাৰকা।তেওঁলোকৰ ৰিচেপশ্যনৰ এটা ভিডিঅ'ৱেও যথোষ্ট চৰ্চিত হৈছে সামাজিক মাধ্যমত। যিটো ভিডিঅ'ত দুয়োয়ে ভাগ লৈছে এটা ৰোমান্টিক নৃত্যত।

https://www.instagram.com/p/CITsJq2DDne/?utm_source=ig_web_copy_link

ভিডিঅ'টোত অভিনেত্ৰী শ্বেতা আগৰৱালে এজোৰ ৰঙা ৰঙৰ লেহেংগা আৰু আদিত্য নাৰায়ণে পিন্ধিছিল এযোৰ ক'লা ৰঙৰ চ্যুট। ৰিচেপশ্যনৰ অনুষ্ঠানৰ মাজতে দুয়ো ভাগ লৈছিল এটি ৰোমান্টিক ডান্সত য'ত দুয়োকে খুবেই ধুনীয়া দেখা গৈছিল।

উল্লেখ কৰিবই লাগিব যে আদিত্য নাৰায়ণৰে বিয়াত তেওঁৰ মাক দেউতাকৰ লগত কৰা এটা নৃত্যইয়ো খুবেই জনপ্ৰিয়তা লাভ কৰিছে সামাজিক মাধ্যমত।

https://www.instagram.com/p/CISSJ4TjSOW/?utm_source=ig_web_copy_link

আদিত্য নাৰায়ণ আৰু শ্বেতা আগৰৱালক একেলগে এখন ফিল্মটো দেখিবলৈ পোৱা গৈছিল। আদিত্যই কয় দুয়োৰে সম্পৰ্কক লৈ কয় যে প্ৰায় ১২ বছৰ পূৰ্বেই তেওঁ শ্বেতাক লগ পাইছিল আৰু বিগত ১০ বছৰ ধৰি তেওঁলোক সম্পৰ্কত আছিল।

https://www.instagram.com/p/CINBUpDjIjw/?utm_source=ig_web_copy_link

অন্যহাতে আদিত্যই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এটা ইন্টাৰভিউত কয় যে কোভিড-১৯ ৰ বাবে তেওঁলোকৰ বিয়াত কেৱল ৫০ জন লোককহে আমন্ত্ৰণ জনাব পাৰিলে। আদিত্য নাৰায়ণৰ কেৰিয়াৰৰ কথা যদি ক'বলৈ যোৱা যাই, তেওঁ গায়ক আৰু ঘোষক হিচাপে বহু জনপ্ৰিয় আৰু চৰ্চিত।

https://www.instagram.com/p/CIUwY64Ds4V/?utm_source=ig_web_copy_link

উল্লেখ্য যে সৰ্বভাৰতীয় ৰিয়েলিটি শ্ব ইণ্ডিয়ান আইডলৰ জৰিয়তে খুবেই চৰ্চিত হৈছিল আদিত্য নাৰায়ণ আৰু নেহা কক্কৰৰ সম্পৰ্ক। অন কেমেৰা দুয়োৰে কথা বতৰা দেখি তেওঁলোকৰ বিয়াৰ কথাও চৰ্চা হৈছিল অনুৰাগীৰ মাজত।এই বিষয়ে নেহা কক্কৰে সেয়া কেৱল ৰিয়েলিটি শ্বোৰ খাতিৰতে হৈছিল বুলি জানিবলৈ দিয়ে। দুয়োৰে বিয়াৰ এখন ছবিত খুবেই ধুনীয়া বুলিও মন্তব্য কৰে জনপ্ৰিয় গায়িকা নেহা কক্কৰে।

আদিত্যই পুণৰ কয় যে আদিত্য আৰু শ্বেতাৰ ব্ৰেকআপৰ বাতৰিও এসময়ত খুব চৰ্চিত হৈছিল। ইয়াৰ পিছত মেডিয়াৰ সমূখত তেওঁলোক ঘূৰা ফুৰা কৰা যঠেষ্ট কঠিন হৈ পৰিছিল। কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে দুয়োয়ে তেওঁলোকক সম্পৰ্ক চিৰদিনলৈ শেষ কৰিব। এই বিষয়ে জনপ্ৰিয় ঘোষক আদিত্য নাৰায়নে কয় যে এই ঘটনাই দুয়োৰে সম্পৰ্ক অধিক মজবুটহে কৰিলে।