বিনোদন

অস্কাৰৰ বাবে মনোনীত আদিল হুছেইন অভিনীত নৰৱেৰ ছবি ‘হোৱাট উইল পিপ’ল ছে’

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ বাবে আন এক সুখবৰ। ২০১৯ বৰ্ষৰ অস্কাৰৰ বাবে মনোনীত হৈছে অসম সন্তান আদিল হুছেইন অভিনীত নৰৱেৰ ছবি 'হোৱাট উইল পিপ'ল ছে'।

চিনেমাখনত এজন পাকিস্তানী পিতৃৰ চৰিত্ৰত অভিনয় কৰা আদিলে কিছুদিন পূৰ্বে লাভ কৰিছিল নৰৱেৰ অভিনয় ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান আমান্দা বঁটা।

মঙলবাৰে চিনেমাখনে নৰৱেৰ পৰা ৯১ সংখ্যক একাডেমী এৱাৰ্ডৰ বাবে মনোনয়ন লাভ কৰাৰ খবৰ পোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াযোগে পৰিচালক ইৰম হকক অভিনন্দন জনোৱাৰ লগতে নিজেও সন্তুষ্টি ব্যক্ত কৰে। পাকিস্তানী মূলৰ মহিলা পৰিচালক ইৰম হকে প্ৰব্ৰজনৰ সমস্যাক সুন্দৰভাৱে তুলি ধৰিছে নৰৱেৰ এই ছবিখনত।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আদিল অভিনীত ২০১২ চনত মুক্তি পোৱা 'লাইফ অৱ পাই' ছবিখনে ৩ টাকৈ অস্কাৰ পুৰষ্কাৰ আজুৰি আনিবলৈ সমৰ্থ হৈছিল।