বিনোদন

অভিনেতা কাদেৰ খানৰ অন্তিম সৎকাৰ ক’ত, কেনেকৈ কৰা হ’ল, চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০১৮ৰ ৩১ ডিচেম্বৰত বলিউদ অভিনেতা কাদেৰ খানৰ কানাডাত দেহাৱসান ঘটে। তেওৰ মৃত্যুৰ খবৰ ৰাজহুৱা হৈছিল ১ জানুৱাৰীত। বিগত এবছৰ ধৰি কানাডাত পুত্ৰৰ সৈতে থাকি চিকিৎসা কৰাই আছিল অভিনেতাজনে। হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা অভিনেতাজনৰ মৃত্যুৰ পাছত কানাডাতে অন্তিম সৎকাৰ কৰা হয় কিয়নো কাদেৰ খানৰ পৰিয়ালৰ সকলো সদস্য বৰ্তমান কানাডাতে বাস কৰে। বলিউদৰ এই অভিনেতাজনৰ অন্তিম সৎকাৰৰ এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। অন্তিম সংস্কাৰৰ সময়ত পুত্ৰ চৰফৰাজে হুকহুকাই কন্দা অভিনেতাজনৰ অন্তিম সৎকাৰৰ মুহূৰ্তৰ ভিডিঅ'টো-

https://youtu.be/HbcwHftDXTw