সম্পাদনা মেজ

NO! এনেকৈ আৰু নহ’ব…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

'লা দেওবাৰ! এফালে আলোচনা, আনফালে বৰ্বৰতা!

হাঁহ-কুকুৰাকো মানুহে এনেকৈ নামাৰে। ৰাষ্ট্ৰযন্ত্ৰ অতি দমন মানসিকতা পুনৰ প্ৰতিফলিত হ'ল নাগালেণ্ডত। নিৰীহ নগা লোকৰ ওপৰত গুলীবৰ্ষণ কৰি বীৰত্ব প্ৰদৰ্শন কৰা সেনাৰ দ্বাৰাই সংঘটিত এই ঘটনা ভাৰতৰ আন প্ৰান্তত হোৱা হ'লে দেশ জ্বলি গ'ল হয়। কিন্তু নাগালেণ্ড বা উত্তৰ-পূবত বিদ্ৰোহী দমনৰ নামত সেনাই কি পৰ্যায়লৈ গৈ অভিযানৰ দোহাই দি সাধাৰণ জনতাক হত্যা কৰিব পাৰে সেই প্ৰমাণ এইটোৱে প্ৰথম নহয়।

নাগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত সেনাৰ গুলীত নিহত হোৱাৰ লোকৰ সংখ্যা ১৩হৈছেগৈ। এতিয়াও বহুসংখ্যক লোক সন্ধানহীন হৈ আছে। সন্ধানহীন হোৱা সকলৰ ভিতৰত শিশু আৰু মহিলাও আছে বুলি স্থানীয় লোকে সদৰি কৰিছে। এম্বুছ কৰিবলৈ গৈ নিৰীহৰ বুকুত তপত গুলী গুজিঁ দিয়াৰ পাছত এতিয়া সেনা কৰ্তৃপক্ষই বিষয়টোৰ সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰিছে।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ' ৰিঅ'ই এনে অমানৱীয় কাণ্ডৰ বিৰুদ্ধে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কথা পাতিছে। অমিত শ্বাহে ঘটনাৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰি এই কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ আশ্বাস দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এছ আই টি গঠনৰ কথাও কৈছে। নাগালাণ্ডত ইতিমধ্যে ক্ষোভৰ জুইঁ জ্বলিছে। জাতীয় দল-সংগঠনসমূহে প্ৰশ্ন কৰিছে কেনেকৈ সেনাই এজন দুজন নহয় ১৩জনতকৈ অধিক নগা লোকৰ জীৱন কাঢ়ি নিয়াৰ অধিকাৰ পালে!

নাগালেণ্ডত বিচিন্নতাবাদ আজিৰ নহয়। সেই ঘাঁত মলম সনাৰ সলনি এনেদৰে আঘাত সানিলে ক'ৰ পৰা সমাধান হ'ব ভাৰত ৰাষ্ট্ৰৰে হোৱা সংঘাত। নগাসকলে উগ্ৰ জাতীয়তাবাদ পৃষ্ঠপোষকতাৰে স্বাধীন নাগালেণ্ডৰ দাবী দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই আহিছে। তেওঁলোকে নিজকে স্বাধীন বুলি দাবী কৰে। ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে নাগালেণ্ডে বিদ্ৰোহ ঘোষণা কৰাৰ নজিৰ আছে।

১৮১৬চনৰ পৰাই ইংৰাজসকল অহাৰ সময়ৰ লৈকে বাৰ্মাৰ অধীনত আছে নাগালেণ্ড। বিট্ৰিছ সকলে সহজতে নাগালেণ্ডক দখল কৰিব পৰা নাছিল। নগা ক্লাৱৰ জন্ম হৈছিল ১৯১৮চনত। নাগা নেচনেল কাউন্সিল গঠন কৰি এই ক্লাৱৰ পৃষ্ঠপোষকতাতেই মুক্তি সংগ্ৰামৰ পাতনি মেলা হৈছিল।

১৯৪৭চনৰ ১৪আগষ্টত স্বাধীন ৰাজ্য ঘোষণা কৰিছিল নাগালেণ্ডে। গঠন কৰা হৈছিল নগা ফেডাৰেল আৰ্মী আৰু নগা ফেডাৰেল চৰকাৰ। ১৯৫৮চনত নগাসকলৰ এই আন্দোলন দমন কৰিবলৈ প্ৰেৰণ কৰা হৈছিল সেনা বাহিনী। তেনে সংঘাতৰ মাজেৰে আগবাঢ়ি ৭০দশকত নাগা নেচনেল কাউন্সিলৰ সৈতে শ্বিলং চুক্তি স্বাক্ষৰিত হৈছিল।

এই শান্তি চুক্তিয়েও নগালেণ্ডৰ সমস্য়া সমাধান কৰিব পৰা নাছিল। এন এন চিক নেতৃত্ব দিয়া এচাম লোকে গঠন কৰিছিল এন এন চি এন। থুইং গাৰ্লো, মুইভা, এছ এছ খাপলাং, ইছাক চি চি চ্যু আদিয়ে সেই আন্দোলনৰ নেতৃত্ব লৈছিল। তাৰ পাছত নগালেণ্ডত আকৌ বিদ্ৰোহৰ আৰম্ভণি হৈছিল।

এন এছ চি এন দুটা ভাগত বিভক্ত হৈ পৰে। এটা দলে বৃহত্তৰ নাগালিমৰ দাবী তোলাৰ বিপৰীতে আনটোৱে নগা অধ্যুষিত এলেকা সামৰি বৃহত নাগালিমৰ সপোন দেখিছিল। উত্তৰ পূবত এন এছ চি এন আছিল ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে ডাঙৰ প্ৰত্যাহ্বান। ১৯৫৭চনত ইছাক মুইভাৰে কেন্দ্ৰীয় চৰকাৰ আলোচনাত বহে। অস্ত্ৰবিৰতি ঘোষণা কৰে দুয়োপক্ষই। কিন্তু আলোচনাৰ নামত দুয়ো পক্ষৰ মাজত একো আগনাবাঢ়িল।

৮০খনৰো অধিক বৈঠক হল। সাৰ্বভৌম নগালেণ্ড আৰু আন ৰাজ্য নগা অধ্যুষিত অঞ্চলসমূহ নাগালিমত অন্তভূক্তৰ বিষয়ৰ পৰা এন এছ চি এন ইছাক মুইভা কিছু হ'লেও আতৰি আহিল। ২০১৬ত ইছাক আৰু ২০১৭ত খাপালাঙৰ মৃত্যু ঘটে। নগালেণ্ডৰ শান্তি আলোচনা ফল কি হল, সেয়া আজি অস্পষ্ট।

ইফালে নগালেণ্ডত এন এছ চি এন খাপলাং গোটৰ বিৰুদ্ধে অভিযান চলি থাকিল। এক অস্থিৰ আৰু উদ্বিগনতাৰ মাজেৰে নগালেণ্ডত এতিয়া সাধাৰণ লোকৰ দিন অতিবাহিত হয়। সেই ধাৰাবাহিকতা এতিয়াও অব্যাহত আছে। এফালে বিচিন্নতাবাদ আনফালে বিদ্ৰোহী দমনৰ নামত সেনাৰ সন্ত্ৰাস। দুয়ো পক্ষৰে লক্ষ্য সাধাৰণ জনতা।

সেনাৰ এই কাণ্ডৰ পাছত নগালেণ্ডত কৰ্তন কৰিব লগা হৈছে ইন্টাৰনেট সেৱা। এক ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা হৰ্ণবিল মেলাৰ কাৰ্যসূচীতো ইয়াৰ প্ৰভাৱ পৰিছে। নিৰীহ নগা লোকক হত্যা কৰি সেনাৰ অভিযানকাৰী দল নগালোকৰ ক্ষোভৰ বলি হৈছে। সেনাৰ এই দলটো আছিল ২১ পেৰাকামাণ্ডো। সদৰি হোৱা খবৰ অনুসৰি চোৰাংচোৱাই তেওঁলোকক উক্ত অঞ্চলত এন এছ চি এন কেডাৰ উপস্থিতিৰ খবৰ দিছিল।

সেই খবৰৰ ভিত্তিতে এই অভিযান চলিছিল। লৱাৰ টিঅ'ৰ কয়লাখনিৰ পৰা কাম কৰি উভতি অহা লোকক ৰ্নিবিচাৰে গুলী কৰাৰ ফল এয়া। এই ঘটনাৰ পাছতে শ শ নগা লোক ওলাই আহি সেনাৰ বাহন জ্বলাই দিছিল। নগা লোকৰ আক্ৰমণত আহত হৈছে কেইবাগৰাকীও সেনা। তাৰে এজন সেনা জোৱান গৌতম লালৰ মৃত্যু হৈছে।

আনহাতে সেনাৰ গুলীচালনাত নিহত হৈছে নগামফো , লাঙলুন, মামপেই, হকুপ, লংৱাঙ , ছমৱাঙ, থাপৱাঙ, এছ খাঙহৱাঙ, থাকৱাঙ, ছেইৱাঙ, পাওকাম, ইনজুঙ, আৰু পেপন নামৰ লোককেইগৰাকী। চোৰাংচোৱাই সেনাৰ পেৰা কমাণ্ডোক এখন বগা বাহনত সন্দেহজনক এন এছ চি এন ( ৱাই এ) গোটৰ কেডাৰ যোৱা বুলি তথ্য যোগান ধৰিছিল । সেই তথ্য আধাৰত সেনাই তিৰু-অটিঙ পথত এম্বুশ পাতি পিক আপ ট্ৰাকখন ৰ'বলৈ নিৰ্দেশ দিছিল যদিও বাহন নোৰোৱাত সেনাই ধাৰাসাৰ গুলীবৰ্ষণ কৰে ।

ক'লা দেওবাৰ! বিদ্ৰোহীৰ বিৰুদ্ধে চলা ভুল অভিযানত প্ৰাণ যোৱা নিৰীহ নগা লোককেইজনৰ আত্মীয়সকল ম্ৰিয়মান। খং আৰু ক্ষোভত জাগি উঠিছে নগা জাতীয় দল-সংগঠন। তেওঁলোকে ইয়াক আখ্যা দিছে ক'লা দেওবাৰ। ভাৰতৰাষ্ট্ৰই আৰু কিমান এনে দমনৰ নামত সন্ত্ৰাস চলাব। সেনাক বা এই পেৰা কামাণ্ডোক যদি সচাঁকৈয়ে ভুল খবৰ দিয়াৰ বাবে এনে এক ডাঙৰ ঘটনা সংঘটিত হল, তাৰ দায়িত্ব কোনে লব। ইতিহাসে কয় নগা জাতিক জোকাই নল'ব…