শিল্পীৰ বহুত দাম, নেতায়ো জুৰিব গান !
শিল্পীৰ বহুত দাম, নেতায়ো জুৰিব গান ! 
বিশেষ লেখা

শিল্পীৰ বহুত দাম, নেতায়ো জুৰিব বিহু নাম !

তুষাৰ প্ৰতিম

অৱশেষত আশাৰ বৰষুণজাক আহিল। ফাগুনে শুকান কৰি থৈ যোৱা ধৰণীক চ'তৰ প্ৰথমটো সপ্তাহতে জীপাল কৰিলে বৰষাই। বুধবাৰৰ পুৱাৰে পৰা ৰাজ্যজুৰি কিনকিনিয়া বৰষুণ। চ'তৰ এই প্ৰথমজাক বৰষুণে গুৱাহাটী মহানগৰীকো ধুই নিছে।

ধূলি, প্ৰদূষণৰ মাজত শ্বাসৰুদ্ধকৰ এক পৰিৱেশৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ দিলে মহানগৰবাসীক। মঙ্গলবাৰে বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষ দ্বিতীয় স্থান লাভ কৰিছিল গুৱাহাটীয়ে।

গুৱাহাটীৰ এনে অনাকাংক্ষিত ৰেকৰ্ডে চিন্তিত কৰি তুলিছে সকলোকে। গুৱাহাটীৰ চৌদিশে চলি থকা নিৰ্মাণ কাৰ্য, প্ৰকৃতিৰ অবাধ ধ্বংসলীলাই ধুনিয়া গুৱাহাটীখনক ঘূণীয়া কৰিলে। তাৰ পাছতো গা লৰা নাই চৰকাৰ অথবা গুৱাহাটীবাসীৰ।

এনে এক পৰিৱেশৰ মাজতে গুৱাহাটীৰ পাহাৰৰ অট্টালিকাৰ মাজতো থিয় হৈ থকা দুই- এজোপা বিৰিখৰ পাতৰ আঁঁৰৰ পৰা ভাঁহি আহিছে কুলিৰ মাত। গাঁৱৰ কথা পৃথক। ফাগুনৰ মাজ ভাগৰ পৰাই গ্ৰামাঞ্চলত কুলিৰ মাত শুনিবলৈ পোৱা গৈছে।

বুধবাৰৰ পৰা ৰাজ্যজুৰি সৃষ্টি হোৱা সেমেকা বতৰে ঋতুৰাজ বসন্তৰ আগমণৰ উমান দিছে সকলোকে। সেমেকা বতৰৰ মাজতে ভাঁহি অহা কুলিৰ মাতে ব'হাগৰ বতৰা আনিছে। তাৰ মাজতে আকৌ ভাঁহি আহিছে বিহু কৰ্মশালাৰ পৰা ঢোল, পেপাৰ মাত।

সন্মুখত হেঁপাহৰ ৰঙালী বিহু। এইবাৰ ৰঙালী পূৰ্বতকৈ হ'ব ব্যতিক্ৰম। দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সাত বিহুৰ মাজতে পৰিছে। নিৰ্বাচনৰ ভৰপক সময়তে ৰাজ্যজুৰি পালন কৰিব ৰঙালী বিহু।

বহুতেই নিৰ্বাচন আয়োগৰ এনে সিদ্ধান্তত অৱশ্যে অসন্তুষ্ট হৈছে। হেঁপাহৰ বিহুত এইবাৰ নিৰ্বাচনৰ বাবেই দূৰণীত কৰ্মৰত বহু চৰকাৰী কৰ্মচাৰীয়ে ঘৰলৈ, গাঁৱলৈ আহিব নোৱাৰিব। এই বেদনা লৈয়ে নিৰ্বাচনী দায়িত্ব পালন কৰিব।

এইবাৰ ব'হাগত নেতায়েও নাচিব। ভোট বিচাৰি যোৱা নেতাই গাঁৱে গাঁৱে, বিহুৰ মঞ্চই মঞ্চই নিৰ্বাচনী ভাষণৰ সমান্তৰালকৈ বিহুও জুৰিব। ঢোলত চাপৰ মাৰিব নোৱাৰিলেও ফেচবুক, এক্স, ইনষ্টাগ্ৰাম আদিত আপলোড কৰিবলৈকে ভালকৈ ফটো এখন পাবলৈকে কান্ধত ঢোল যে ল'ব সেয়া নিশ্চিত।

বিহু কমিটিবোৰৰ কাৰ্যসূচীত ইতিমধ্যে দেখা গৈছে ৰাজনৈতিক নেতাৰ পয়োভৰ। নিৰ্বাচনৰ প্ৰাৰ্থীয়ে পাইছে পৃষ্ঠপোষক, বিশিষ্ট অতিথিৰ স্বীকৃতি। সেয়ে এইবাৰ বিহুৰ অনুষ্ঠানৰ সৈতে নিৰ্বাচনী সভাও একাকাৰ হোৱাৰ সম্ভাৱনা নথকা নহয়।

নিৰ্বাচনী ভাষণৰ উপৰিও হেনো এইবাৰ ৰাজনৈতিক নেতাই, দলীয় প্ৰাৰ্থীয়ে বিহু জুৰিবলৈও অনুশীলন কৰিছে। বিহুবলীয়া অসমীয়াৰ মন জয় কৰিবলৈ বিহুৰ বতৰত যদি এফাঁকি বিহু নুজুৰে কেনেকৈ হ'ব? কঁকাল নাভাঙিলেও অৱশ্যে হাত দুখন লৰায়েই কাম চলাই দিব।

নেতাৰ এনে প্ৰস্তুতিৰ সমান্তৰালকৈ সাজু হৈছে আমাৰ শিল্পীসকলো। বিহুৰ মঞ্চখন পাবলৈকে বহু শিল্পীয়ে ন-পৰিকল্পনাৰে ইতিমধ্যে কাম সামৰিছে। নতুন নতুন গানৰ কাম কৰিছে। ইনষ্টাগ্ৰাম, ফেচবুকত ৰীলছ ভাইৰেল কৰিছে।

সামাজিক মাধ্যমত জনপ্ৰিয় শিল্পীসকলে নিজৰ ধুনীয়া ফটো শ্বেয়াৰ কৰিছে। ফটোৰ তলত লিখি দিছে বিহু মঞ্চৰ বাবে যোগাযোগ কৰিবলৈ তেওঁলোকৰ মেনেজাৰৰ ফোন নম্বৰ। ইতিমধ্যে বহু বিহু কমিটিয়ে তেওঁলোকৰ সৈতে যোগাযোগ কৰি বুকিং কৰিছে।বহু জনপ্ৰিয় শিল্পীৰ বিহু অনুষ্ঠানৰ তালিকাও প্ৰকাশ হৈছে।

দুই-এজন জনপ্ৰিয় শিল্পীৰ বুকিং হেনো বন্ধই হৈছে। মে' মাহৰ শেষলৈকে তেওঁলোকৰ তাৰিখ খালী নাই। বাকী যিসকলৰ দুই, এটা তাৰিখ খালী আছে তেওঁলোকৰো কেতিয়া বুকিং বন্ধ হয় তাৰ নিশ্চয়তা নাই। সেয়ে বিহু কমিটীসমূহে জনপ্ৰিয় শিল্পীৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ আগ্ৰহ কৰিছে অথচ এতিয়াও বুকিং কৰা নাই তেওঁলোকে আৰু অধিক পলম নকৰাই ভাল।

অৱশ্যে আজিৰ তাৰিখৰ অসমৰ জনপ্ৰিয় শিল্পীৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অৰ্থনৈতিকভাৱে যথেষ্ট শক্তিশালী হ'ব লাগিব। একোজন জনপ্ৰিয় শিল্পীক অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰিবলৈ অতি কমেও লাগিব ৩ লাখ টকা। জুবিন, পাপনৰ কথা সাধাৰণ বিহু কমিটিয়ে চিন্তা নকৰাটোৱেই ভাল।

আমাৰ হাতত পৰা তথ্য অনুসৰি অংগৰাগ পাপন মহন্তৰ এইবাৰৰ বিহুৰ অনুষ্ঠানৰ বাবে দিব লাগিব ১৫ লাখ টকা। জুবিনৰ অনুষ্ঠানৰ বাবে দিব লাগিব অতি কমেও ১২ লাখ টকা। ইয়াৰোপৰি গুৱাহাটীৰ বাহিৰত তেওঁলোকৰ থকাৰ সুব্যৱস্থাকে ধৰি আন আন আনুসাংগিক দিশবোৰ আছেই। অৱশ্যে এই দুই শিল্পীৰ বুকিং ইতিমধ্যে অন্ত পৰিছে।

সেইদৰে আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠানৰ বাবে দিব লাগিব ৭ ৰ পৰা ৭.৫০ লাখ টকা। ভৃগু কাশ্যপৰ অনুষ্ঠানৰ বাবে দিব লাগিব ৪.৫০ লাখৰ পৰা ৬ লাখ টকা। শংকুৰাজ কোঁৱৰৰ অনুষ্ঠানৰ বাবেও দিব লাগিব ৫ ৰ পৰা ৬ লাখ টকা।

সেইদৰে দীক্ষুৰ অনুষ্ঠানৰ বাবে ৩.৮০ লাখৰ পৰা ৫ লাখ, মণ্টুমণিৰ অনুষ্ঠানৰ বাবে ৩.৫০ লাখৰ পৰা ৪ লাখ, ৰূপম ভূঞাৰ অনুষ্ঠানৰ বাবে ২.৫০ লাখ, সান্নিধ্য ভূঞাৰ অনুষ্ঠানৰ বাবে ২.৮০ লাখ, কাল্টিভেটৰ্চৰ অনুষ্ঠানৰ বাবে দিব লাগিব ২.৫০ লাখ টকা।

মহিলা শিল্পীসকলৰ ভিতৰত দ্বীপলিনা ডেকাৰ অনুষ্ঠানৰ বাবে দিব লাগিব ৩.৫০ লাখৰ পৰা ৪ লাখ টকা। জুবলী বৰুৱাৰ গুৱাহাটীৰ অনুষ্ঠানৰ বাবে দিব লাগিব ৩.৮০ লাখ। গুৱাহাটীৰ বাহিৰত এই নিৰিখ আৰু অধিক হ'ব। গায়ত্ৰী হাজৰিকাৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত মাননী ২.৫০ লাখৰ পৰা ৩ লাখ।

এইদৰে শিল্পীসকলৰ মাননী বৃদ্ধি হোৱাৰ বাবে বিহু কমিটীসমূহ চিন্তিত হৈছে যদিও শিল্পীসকলৰো ইয়াৰ আঁৰত যুক্তি নথকা নহয়। তেওঁলোকৰ যুক্তি, এজন কণ্ঠশিল্পীয়ে অকলেই গোটেই মাননী পকেটত নভৰায়। তেওঁলোকৰ লগত থাকে একো একোটা বৃহৎ টীম।

মিউজিচিয়ানৰ পৰা আৰম্ভ কৰি শব্দযান্ত্ৰিক, গাড়ীৰ চালক আদিৰ সৈতে অতি কমেও ১৫ ৰ পৰা ২০ জন লোক থাকে। তেওঁলোককো শিল্পীয়ে পোৱা ধনৰ পৰাই দিব লাগে। গতিকে মূল্যবৃদ্ধিকে ধৰি পৰিৱৰ্তিত পৰিস্থিতিত শিল্পীৰ মাননীও এইদৰেই বৃদ্ধি পাইছে।

এইদৰেই এতিয়া এইবাৰ বিহুলৈ সাজু হৈছে শিল্পী আৰু ৰাজনৈতিক নেতা। অৱশ্যে এতিয়া লক্ষ্যণীয় হ'ব কথাৰে ভোটাৰৰ মন মুহিবলৈ সক্ষম হোৱা প্ৰতিজন ৰাজনৈতিক নেতাই শিল্পীসকলক এইবাৰ কিদৰে প্ৰত্যাহ্বান জনায়। লক্ষ্যণীয় হ'ব সামাজিক মাধ্যমত ট্ৰেণ্ডিঙলৈ কোন আহে? শিল্পীৰ মঞ্চৰ অনুষ্ঠান নে নেতাৰ ভাষণৰ আগত, মাজত অথবা শেষত গোৱা বিহু নাম !