বিশেষ লেখা

চৰকাৰৰ ধনত নহয়, ৰঙালী আছে অসমীয়াৰ প্ৰাণত...

Asomiya Pratidin

বৰষা শৰ্মা

সন্মুখত ৰঙালী বিহু। হেঁপাহৰ ৰঙালীক আদৰিবলৈ বিহু বলিয়া ৰাই়জৰ মাজত ব্যাপক উছাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠান পাতিছে ৰাইজে। মুঠতে অসমীয়া নৱবৰ্ষৰ লগতে বিহুটিক আদৰিবলৈ এতিয়া অসমীয়াৰ গাত তৎ নাইকীয়া।

অসমীয়া জাতিৰ বাপতিসাহোন এই বিহুটি প্ৰতিগৰাকী অসমীয়াৰ হাড়-হাড়ে, শিৰাই শিৰাই আছে। কুলিৰ মাতত বসন্ত আহে। গছে পাত সলাই পৃথিৱীখনক এক নতুনত্ব দিয়ে। সেয়ে ৰঙালী বিহু বুলি ক'লে সকলোৰে দেহ মন উলাহেৰে নধৰা হয়।

বিহু অসমীয়া জাতিৰ প্ৰাণ।বিহু এক কৃষি প্ৰধান উৎসৱ। বিহুৰ সৈতে অসমীয়া চহা জীৱনৰ বহু দিশ জড়িত হৈ থাকে।

অতীজৰে পৰা ৰঙালী বিহুক লৈ অসমীয়াৰ এক বিশেষ উৎসুকতা আছে। বিহু আহিলেই ঢেকীৰ গুম গুমনি, তাঁতশালত কাপোৰ। মুঠতে ভীষণ ব্যস্ততা। ঘৰৰ সাতবন কাতি কৰি মাঘ-ফাগুনৰ পৰাই জীয়াৰী-বোৱাৰী সকলে বিহুৱান খনৰ বাবে নেৰানেপেৰাকৈ কাপোৰ ববলৈ উঠি পৰি লাগে। বিহুৱান মানেই গামোচা। সেই গামোচা ডাঙৰজনলৈ, চেনাইলৈ বা আপোনজনলৈ। ঠাই ভেদে এই বিহুৱান বোৱাকলৈও বিশেষ কিছু নীতি নিয়ম আছে। অসমীয়া জীয়াৰী-বোৱাৰীয়ে নিজ হাতে বোৱা গামোচাখনক লৈ যি সুখ অনুভৱ কৰে সেয়া সহজে আনে উপলব্ধি কৰিব নোৱাৰে।

তাতে গাঁৱৰ ডেকা-গাভৰু সকল ব্যস্ত হৈ পৰে বিহু নাছিবলৈ। ঢোল-পেঁপাৰ মাত শুনিলে এপাক নানাচি পাৰি জানো। ৰঙালী বিহু ৭ দিন পালন কৰা হয়। এই প্ৰতিটো দিনৰেই থাকে বিশেষ মহত্ব। গৰুক গা ধুওৱাৰ পৰা আৰম্ভ কৰি ১০১ বিধ শাক খোৱা, বিহুৱান দিয়া, হুচৰি আদি সকলো কৰা হয় এই সাত বিহুত।

এই ৰঙালী বিহুই আঁকোৱালি লয় অসমীয়া জনজীৱনৰ সৈতে জড়িত থকা প্ৰতিটো দিশক। বিহুৰ সৈতে মাটি আৰু সাধাৰণ মানুহৰ সম্পৰ্ক থাকে। কিন্তু সময়ৰ সৈতে বিহুও সলনি হৈছে । গাঁৱত ঘৰে ঘৰে গৈ হুচৰি গোৱা আৰু গৃহস্থই সেৱা লৈ আশীৰ্বাদ বিচৰা, আন কিছু লোকাচাৰ এতিয়া লোকজীৱনৰ সংগী হৈ থকা নাই।

এতিয়া বিহু বুলি ক'লে গছৰ তলৰ বিহু বা ঘৰে ঘৰে গৈ হুচৰি গোৱা বিহু নাই। এতিয়া গছৰ তলৰ বিহু মঞ্চ পালেগৈ। বিহু বুলি ক'লে সেয়ে এতিয়া বিহু কৰ্মশালা, বিহু সন্মিলন, সাংস্কৃতিক ,সন্ধিয়াচৰ বিশেষ আকৰ্ষণ। এতিয়া বহাগী উৎসৱৰ পৰা আৰম্ভ কৰি বহাগী বিদায়লৈকে প্ৰায় ২-৩ মাহ ধৰি বিহু অনুষ্ঠান অনুষ্ঠিত হৈয়ে থাকে। তাতে কোনে কিমান ধুনীয়াকৈ বিহুৰ ৰভা সজাই তুলিব পাৰে তাকলৈও চলে প্ৰতিযোগীতা।

হুচৰি, বিহু নাচৰ পৰিৱৰ্তে এতিয়া বিহু অনুষ্ঠানত থাকে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ, বিভিন্ন প্ৰতিযোগীতা আদি। এতিয়াৰ একাংশ ল'ৰা- ছোৱালীয়ে নাজানে প্ৰকৃত বিহু কি। সেয়া কেৱল এতিয়া কিতাপৰ পাতত।

বিহু উদযাপন কৰিবলৈ ৰাজ্য চৰকাৰে চান্দা প্ৰথা বন্ধ কৰিবলৈ সাহায্য দিয়াৰ ব্যৱস্থাও কৰিছে। এইবাৰ বিহুত ৰাজ্য চৰকাৰে গিনিজ বুকত ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ। ১৪ এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হোৱা বিহুত ১১ হাজাৰ নাচনীয়ে বিহু নাচিব।

বিহু বুলি ক'লেই গাঁৱলৈ ঢাপলি মেলে সকলোৱে। বিহুৰ মাদকতা গাঁৱতহে থাকে।  চহৰৰ আভিজাত্যই বিহুত স্থান নাপায়। টকা-পইচা, সা-সম্পত্তিৰে চহৰত পয়োভৰ হৈ থাকিলেও গাঁৱলৈয়ে মনত পৰে সকলোৰে।

কিন্তু এইবাৰ চৰ্চাত আছে সৰুসজাইৰ বিহু। এই বিহু অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে প্ৰতিখন ৰাজ্যৰ জনপ্ৰতিনিধি। এই বিহুত অংশ লোৱা সকলৰ বাবে চৰকাৰে যোগান ধৰিব আৰ্থিক সাহায্যও। মুঠতে এতিয়া বিহু বুলি ক'লে তৎ নাই সৰুসজাইৰ বিহুলৈ।

এতিয়া আৰু পূৰ্বৰ উৎসুকতা নাই। তাতে বস্তু বাহিনীৰ আকাশলংঘী দামে জুৰুলা কৰিছে জনতাক। এতিয়া সেয়ে বিহুৱান ল'বলৈও একাংশই ১০ বাৰ ভাবিব লগা হয়, ওচৰ পাজৰৰ মানুহকো বিহু খাবলৈ মাতিলে চিন্তা কৰিব লগা হয়।

বিহু অসমীয়া জাতিৰ সাৰ। ই আমাৰ আয়ুস ৰেখা। এতিয়া বিহু আমাৰ সমাজ জীৱনৰ পৰা বহু আঁতৰি গৈছে। এতিয়া বিহু কেৱল মঞ্চত, এতিয়া বিহু মানে কেৱল বিভিন্ন অনুষ্ঠান।

বিহুৰ নাম গিনিজ বুকত সন্নিবিষ্ট হোৱাতো প্ৰতিগৰাকী অসমীয়াৰ বাবে নিশ্চয়কৈ গৌৰৱৰ কথা। কিন্তু আধুনিকতাৰ দৌৰখনত যাতে বিহুৰ দৰে উৎসৱটিয়ে প্ৰকৃত মৰ্যদা হেৰাই নাযায় তাৰ বাবে আমি প্ৰতিজন অসমীয়া দায়বদ্ধ হোৱাটো দৰকাৰ।

বিহু কমিটিক চৰকাৰে টকা দিয়ক, বিহুৱা সকলকো যোগান ধৰক সাহায্য কিন্তু সমান্তৰালভাৱে মূল্যবৃদ্ধি বা আন সমস্যাটো গুৰুত্ব দিয়াতো প্ৰয়োজন। সেয়ে চৰকাৰে প্ৰতিগৰাকী অসমীয়াকে আশীৰ্বাদ প্ৰদান কৰক। মূল্যবৃদ্ধি বা আন সমস্যাত ভোগা জনতাক কিছু সকাহ দিয়ক। কেৱল গা এৰি চলা মন্তব্যৰ বাবেতো জনতাই জনপ্ৰতিনধি নিৰ্বাচিত নকৰে!

সৰুসজাইলৈ আহিব প্ৰতিখন ৰাজ্যৰে জনপ্ৰতিনিধি। এয়া ভাল কথা। কিন্তু অসমীয়া মানুহৰ চিঞৰ চৰকাৰেও শুনাতো জৰুৰী। এফালে মূল্যবৃদ্ধি আনফালে নিবনুৱা সমস্যা বৃ্দ্ধি হোৱা ৰাজ্যখনৰ অৱস্থালৈ চকুমেলি চাওক চৰকাৰে। নহলে ড০ ভূপেন হাজৰিকাই কোৱাৰ দৰে ৰঙালী বিহুটিও কঙালীত পৰিণত হ'ব।

বিহুৱে এক সমন্বয়ৰ সেঁতু গঢ়ে। কিন্তু ইয়াৰ মাজতো আশা এটাই, বিহু পাতিবলৈ যাতে অসমীয়াই চৰকাৰৰ ধনৰ টোপোলালৈ ৰখি থাকিব লগীয়া পৰিস্থিতি নাহে। কেৱল বিহুৰ নামত হিতাধিকাৰী সজাব খোজা সিদ্ধান্ত কোনোৱে গ্ৰহণ কৰাতো যিকোনো দৃষ্টিকোনেৰ পৰা উচিত নহয়।

চৰকাৰে দিয়া টকা খিনিত নাই ৰঙালীৰ প্ৰকৃত অৰ্থ। ৰঙালী আছে প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণত, ৰঙালী আছে মানুহৰ মাজত, ৰঙালী আছে আমাৰ জনজীৱনত।বিহুক বিহু হৈয়ে থাকিব দিয়ক। অসমীয়া যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ই আমাৰ বাপতিসাহোন হৈ থাকিব।