special writing
special writing 
বিশেষ লেখা

কোন দিশে আমি...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

মূল্যবোধ শব্দটো অৰ্থহীন হৈ পৰিছে নেকি ? কোনো বিষয় লৈ আমি পূৰ্বৰ দৰে সচেতন আৰু প্ৰমূল্যবোধৰ গৰাকী হৈ থকািব পৰা নাই যেন প্ৰায় প্ৰতিজন মানুহৰে অনুভৱ হয়। সাহিত্য, ৰাজনীতি, সাংস্কৃতিক জগতৰ পৰা আৰম্ভ কৰি সৃষ্টিশীল সকলোতে ইয়াৰ অভাৱ মন কৰিবলগীয়া।

যি মূল্যবোধে আমাক দায়িত্বশীল কৰি তোলে সেই মূল্যবোধ ৰাজনীতিত আজি আছে নে ? নেতা সকলৰ মূল্যবোধৰ বিপৰীতে সেই নেতা সকলক ক্ষমতাৰ গৰাকী কৰা ভোটাৰৰো মূল্যবোধহীন প্ৰৱণতাই চিন্তিত কৰি তোলে।

গভীৰ সংকটৰ মুহূৰ্তত আজি বিশ্ব। কেৱল প্ৰদৰ্শন ধৰ্মীতা আৰু আত্মকেন্দ্ৰিক চেতনাৰে আমি কোন দিশে গতি কৰি আছো সেয়া কেতিয়াবা ভাবি চাইছেনে ? নতুনত্বৰ সূচনা সকলোতে হৈছে। আনকি এনে অভিযোগে উঠিছে যে কোনো গোষ্ঠী বা পক্ষক সন্তুষ্ট কৰি ৰাখিবলৈ ইতিহাস আমি নতুনকৈ লিখাৰ প্ৰয়াস কৰিছো।

শ্ৰবিত শ্ৰৱণ আদিতেই মচগুল হৈ আত্ম সন্তুষ্টিৰ ময়াজালেৰে আমাক বেৰি ৰাখিছে। কোন ফালে চাব এতিয়া আপুনি। সমালোচনা কৰিবলৈ ভয় লগা পৰিৱেশ। সঁচা কথা ক'বলৈ সাহস নাইকীয়া সময়। উগ্ৰ চিন্তাই আমাক কেতিয়াবা কৰবাত শিপাৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছে।

শান্তি এতিয়া ক'ত ? কল্যাণকামী ৰাষ্ট্ৰই সঁচাকৈয়ে ৰাষ্ট্ৰবাসীৰ কথা চিন্তা কৰিছেনে ? কৰৰ নামত ইটোৰ পাছত সিটো বোজা জনসাধাৰণে বহন কৰিছে কেৱল তেওঁলোকে দেখা সপোনবোৰ পূৰণ কৰিবলৈ। সঁচা কথা আৰু উপলব্ধিৰে কোনোবাই বুকুত হাত থৈ এইবোৰৰ সমৰ্থক হয় বুলি মুখ খুলিবলৈ সাহসহীন হৈ পৰা আমি এতিয়া সকলো দেখি শুনি নেদেখা ভাও ধৰাৰ এক মূৰ্তিত পৰিণত হৈছো।

জাতীয় জীৱনতো একে দশা। জাতিক নেতৃত্ব দিব পৰা সকল এতিয়া নিজৰ স্বাৰ্থক লৈ ব্যস্ত। কোনো কোনোৱে নিজৰ মুখা খুলি আচল স্বৰূপ প্ৰদৰ্শনেৰে অন্য ৰূপ ধাৰণ কৰিছে। বিশ্বাস কৰিব কাক ?

প্ৰলোভন আৰু লোভৰ বৰশীৰ টোপ আমি গিলিছোৱেই। এতিয়া সেই সকলৰ হাততেই আমাৰ ভাগ্য। সৰু-ডাঙৰ চৌদিশে সংঘটিত কথাবোৰে আমাৰ ম্ৰিয়মান কৰি তুলিলেও আমি কোনো সামাজিক মাধ্যমত দুই এটা শাৰী লিখি মনৰ ক্ষোভ-উদ্বেগ প্ৰকাশ কৰি নিজেই নিজক সান্তনা দিও।

স্খলিত এই সময়বোৰে আমাক উদ্বিগ্ন কৰি ৰাখিলেও আমি কৰিব লগা কি আছে তাৰ এক ৰোডমেপ আমাৰ হাতত নাই। সেই হেতু আমি সময়ে আমাক ক'লৈ লৈ যায় তাৰ অপেক্ষাত।

ইয়াৰ বাবে আমি নিজেই জগৰীয়া। সেই সুযোগ আমি নিজেই কাৰোবাক দিছো বা লৈছো। এতিয়া উৎপাদনশীল আৰু সৃষ্টিশীল কামত কৈ এনে কিছু কামত নতুন প্ৰজন্মৰ বহু লোক ব্যস্ত হৈ পৰিছে যে সেয়া তেওঁলোকৰ নিচা, পেছা সকলো হৈ পৰিছে।

এইবোৰ কামৰ স্থায়ীত্ব কিমান। ক্ষন্তেকৰ আনন্দ আমি ঠিকেই পাইছো। সামাজিক মাধ্যমত সেইবোৰ ভাইৰেল হৈছে। কিন্তু ইয়াৰ স্থায়ীত্ব ক'ত। এই পূৰণি কামবোৰৰ দৰে ইয়াৰ মূল্যায়ন কৰাৰ সম্ভাৱনা জানো আছে।

এই অনিশ্চয়তাবোৰৰ মাজতে সন্ধান কৰিব লাগিব ইতিবাচক আৰু প্ৰগতিশীল সময়ক আৰু গতি দিব পৰা কাম-কাজবোৰক। সেই সচেতনতা গঢ়াৰ সময় আমাৰ সন্মুখত। বৌদ্ধিক বিপৰ্যয়ৰ কাৰণ আমি বিচাৰি উলিয়াব লাগিব।

অন্যথা আমাৰ সভ্যতাৰ ভেটি আৰু গতি ৰুদ্ধ হৈ পৰিব। সকলোতে আমি আনৰ ওপৰত দোষ জাপি দিলে নহ'ব। মূল্যায়নৰ মাজেৰে পুনৰ মূল্যবোধৰ ঘূৰাই আনিব লাগিব। যি মূল্যবোধত সভ্যতা, সততা আৰু নিষ্ঠাৰ লগতে এখন সুস্থ সমাজৰ প্ৰতিশ্ৰুতি থাকে।