বিশেষ লেখা

"মা" লৈ কিমান হেঁপাহ!...

Asomiya Pratidin

লশ্মিতা শইকীয়া

মা...!

"মা" লৈ যে কিমান হেঁপাহ। প্ৰতিগৰাকী সন্তানৰ বাবে "মা" কি সেইয়া কেনেকৈনো বুজাব পাৰি। "মা" মাত্ৰ এটা শব্দ নহয়। "মা" কি সেইয়া কোনো সন্তানে কোনো কালে বুজাই ক'ব নোৱাৰে। "মা" এক বুজাব নোৱাৰা আবেগ, বুজাব নোৱাৰা অনুভূতি। "মা" মানে প্ৰতিপালনৰ অন্যৰূপ, দ্বায়িত্ব পালনত সুৰুঙা নেৰা এটা সত্তা, ধৈৰ্য্যৰ ভঁৰাল, অনুকৰণৰ উচিত আদৰ্শ, মৰমৰ সাগৰ। "মা" মানে পৃথিৱীত চকু মেলিয়েই প্ৰথম দেখা মানুহ গৰাকীৰ পৰা আৰম্ভ কৰি প্ৰথম ক'বলৈ শিকা শব্দটিয়ে হ'ল "মা"।

আচলতে "মা" মানে মায়েই! সেই প্ৰথম ক'ব শিকা শব্দটিৰ পৰা জনা-বুজা হোৱালৈ, বিদ্যালয়লৈ যোৱাৰ পৰা কৰ্মক্ষেত্ৰত যোগদান কৰালৈ "মা"ৰ অৱদান কি সেইয়া জানো আমাক বুজাই কোৱাৰ প্ৰয়াজন আছে।

আজি সেইগৰাকী মাৰ বিশেষ দিন। মাতৃ দিৱস। নিজ মাতৃক শ্ৰদ্ধা, উপাসনা কৰাৰ বাবে ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট্ৰত আজি পালন কৰা হয় মাতৃ দিৱস। সমগ্ৰ বিশ্বতে মাতৃ দিৱস পালনৰ সুকীয়া দিন আছে যদিও ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, নিউজলেণ্ডত মে' মাহৰ দ্বিতীয়টো দেওবাৰে পালন কৰা হয় মাতৃ দিৱস। ১৯০৮ চনত আমেৰিকান এক্টিভিষ্টি অন্না জাৰ্ভিছে প্ৰথম বাৰৰ বাবে উদযাপন কৰিছিল মাতৃ দিৱস। অন্না জাৰ্ভিছে মাতৃ এন ৰিভৰ্ছ জাৰ্ভিছৰ মৃত্যুৰ পাছত আয়োজন কৰা স্মৃতি অনুষ্ঠানেই মাতৃ দিৱস উৎপত্তিৰ থল।

আৰু ইয়াৰ পাছত ১৯১২ চনত এইগৰাকী অন্না জাৰ্ভিছে "ছেকেণ্ড চানডে' ইন মে'" আৰু "মাডাৰ্ছ ডে' ইণ্টাৰনেচনেল এছচিয়েছন" গঠন কৰাৰ দুটা বছৰৰ পাছত আমেৰিকা যুক্ত ৰাষ্ট্ৰত তেওঁৰ প্ৰচেষ্টাতেই আনুষ্ঠানিকভাৱে পালন কৰা হয় এই মাতৃ দিৱস।

তেওঁৰ বাবে এই দিৱসৰ মূল উদ্দেশ্য আছিল মাতৃলৈ কৰা স্মৰণ। মাতৃৰ বিয়োগত মৰ্মাহত হোৱা, প্ৰতিটো মুহূৰ্তত মাতৃৰ স্মৃতিয়ে খুন্দিয়াই থকা অন্নাক জানো প্ৰয়োজন আছিল এই দিৱসৰ ? মাতৃক মনত পেলাবলৈ বিশেষ দিনৰ প্ৰয়োজন আছিল জানো তেওঁক ?

সময়ৰ গতিত লাহে লাহে বিশ্বজুৰি বিয়পি পৰা মাতৃ দিৱস এতিয়া সৰ্বজন বিদিত। মাৰ বাবে জানো বিশেষ দিনৰ প্ৰয়োজন আছে ? সৰুতে যিকোনো প্ৰয়োজনত মা মা কৈ চিঞৰাৰ পৰা আৰম্ভ কৰি ডাঙৰ হৈ অকাৰণত মা মা চিঞৰা আমাকো প্ৰয়োজন হ'ল মাতৃ দিৱসৰ। শিক্ষা বা কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই আহাৰ পিছতো প্ৰতিদিনে আমাৰ খোৱা-লোৱাৰ খবৰ ল'ব নাপাহৰা মাৰ বাবে প্ৰয়োজন এটা বিশেষ দিনৰ।

হয়, মা বাবে এটা বিশেষ দিনৰ প্ৰয়োজন আছে। আপুনি এবাৰ ভাৱক চোন, আপোনাৰ বাৰু মনত আছেনে "মা তোক ভাল পাওঁ" বুলি কেতিয়া কৈছিল! অসহজবোধ আঁতৰাই এই কথাষাৰ ক'বলৈ মাতৃ দিৱসৰ প্ৰয়োজন। মাৰ সৈতে ফটো উঠাৰ প্ৰয়োজন বোধ নকৰা আমিবোৰক আজিৰ দিনটোত সামাজিক মাধ্যমত প'ষ্ট কৰিবলৈকে হলেও ফটো উঠিবৰ বাবে আমাক মাতৃ দিৱসৰ প্ৰয়োজন। পুৰণি এলবাম বা মোবাইলৰ গেলাৰী খুচৰি স্মৃতিৰ কোলাত ডুব যাবলৈ মাতৃ দিৱসৰ প্ৰয়োজন। ব্যস্ততাপূৰ্ণ জীৱনত মাতৃ দিৱসৰ খবৰ পাই মাক হেঁপাহেৰে এবাৰ সাবতি ল'বলৈ মাতৃ দিৱসৰ প্ৰয়োজন। এইয়া কৰিবলৈ এতিয়াও অসহজবোধ কৰাজনে আছুতীয়াকৈ মনৰ ভিতৰতে মাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মাতৃ দিৱসৰ প্ৰয়োজন।

প্ৰিয়জনক প্ৰতিতো সময়ত আই লাভ ইউ কৈ, উপহাৰ দি বিশেষ বুলি বুজাব খোজা আমিবোৰক মাৰ বাবে অকণমান সময় উলিয়াই পুৰণি স্মৃতিৰ কথা সোঁৱৰিবলৈ প্ৰয়োজন আছে মাতৃ দিৱসৰ।

কেনে আছে বাৰু আপোনাৰ মা ? মা ভালনে বুলি শুধিব লগীয়া হয়নে আপোনাৰ ? প্ৰতিটো ভুল-শুদ্ধ প্ৰথমে মাক ক'বলৈ সংকোচবোধ নকৰা মাৰ বাবে বিশেষ কিবা কৰে নে আপুনি ? আজি এবাৰ মাক ভাল পাওঁ বুলি কওঁকচোন, গধুৰ হ'ব আপোনাৰ হৃদয়, জুৰ্ পৰিব মাৰ অন্তৰো। আমি সকলোয়ে কওঁ-জানো মাৰ বাবে কোনো বিশেষ দিনৰ প্ৰয়োজন নাই। কিন্তু প্ৰকৃতাৰ্থত ভাৱকচোন আজিৰ দিনটো "মাতৃ দিৱস" বুলি খবৰ পোৱাৰ লগে লগে যি ভাৱত আমি ডুব যাওঁ, মাৰ প্ৰতি যি ভাৱ আমাৰ মনলৈ আহে, যি বুজাব নোৱৰা অনুভূতি লৈ আমি আৱেগিক হৈ পৰো সেইয়ো জানো এনেই কেতিয়াবা অনুভৱ কৰোঁ ?

অৱশ্যে "মা" আমাৰ বাবে কি সেইয়া সুকীয়া কৈ কোৱাৰ বা সুকীয়া কৈ অনুভৱ কৰাৰ প্ৰয়োজন নাই। "মা" মায়েই। আমাৰ ভুল-শুদ্ধবোৰ তৎক্ষণাত দেখুৱাই দিয়া, পথপ্ৰদৰ্শক, চেনেহেৰে আৱৰি ৰখা আমাৰ আই জনীৰ বাবে সঁচাকৈয়ে ড০ ভূপেন হাজৰিকাই কোৱাৰ দৰে "আই তোক কিহেৰে পূজিমে.." বাক্যশাৰী প্ৰযোজ্য।

ইয়াৰ পিছতো কওঁ, ব্যস্ততাপূৰ্ণ জীৱনত কৰ্মৰ খাতিৰত মাৰ পৰা দূৰৈত থকা আমাক প্ৰতিগৰাকী মাতৃৰ সুস্বাস্থ্য কমনা কৰাৰ বাবে মাতৃ দিৱসৰ প্ৰয়োজন....

প্ৰতিগৰাকী মাতৃৰ সুস্বাস্থ্য কামনা কৰি মাতৃ দিৱসৰ অযুত অফুৰন্ত শুভেচ্ছা....