সম্পাদনা মেজ

আশীৰ্বাদৰ ৰং

asomiyapratidin

 বলেন দত্ত

জীৱনৰ আধা বয়সত চাকৰি এটা পালো অসমত। বহুবছৰ অসমৰ বাহিৰত থাকি থাকি আমনি লাগি চৰকাৰী চাকৰিটো পাই গুচি আহিলো। তামুলপুৰত পোষ্টিং। নলবাৰীত ঘৰ। অহা-যোৱা কাৰো। বাছেৰে। বাছ এখন যায়। বৰপেটা-সৰ্থেবাৰী-নলবাৰী হৈ একেবাৰে ভূটানলৈ। নলবাৰীৰ পৰা তামুলপুৰৰ বিভিন্ন বিভাগত কাম কৰা কৰ্মচাৰীবোৰ এই বাছখনতে নিতৌ অহা যোৱা কৰে।

মই নতুন। বাকী কৰ্মচাৰীবোৰ বছৰ বছৰ ধৰি একেলগে অহা যোৱা কৰা বাবে ইজনে সিজনৰ চিনাকি। গাড়ীৰ চিট খালী নাথাকে। ৰঙিয়াত খালী হয়। ইজনে সিজনক মাতে দাস দা, শৰ্মাদা আহক এই ছীট দুটা ৰঙিয়াত খালী হ'ব। একেলগে বহিব পাৰিম। মই নতুন বাবে মোক কোনেও তেনেকৈ নামাতে। তথাপিও পাই যায় ছীট। ৰঙিয়াত। দিন যোৱাৰ লগে লগে ময়ো লাহে লাহে পুৰণি কৰ্মচাৰী বোৰৰ মাজৰে এজন হ'বলৈ ধৰিলো। দত্তদা মোৰ পুৰাণীবোৰৰ প্ৰথম চিনাকি। মানুহজনে বাছখনত সদায় অহা-যোৱা নকৰে। সেয়েহে পুৰণি বোৰৰ মাজতো দত্তদা সিমান চিনাকি নহয়। মানুহজন বেমাৰী। কঁকালৰ বিষ। ডিস্ক প্ৰব্লেম।

অফিচৰ পৰা উভতি আহোতে মোৰ ষ্টপেজতো আগতে পাই। মই উঠিয়েই ছীট এটা পালো। লাহে লাহে গাড়ীৰ ছীটবোৰ মানুহেৰে পূৰ হৈ গাড়ীৰ ভিতৰত এটা দুটাকৈ মানুহবোৰ থিয় হবলৈ আৰম্ভ কৰিছে। দেখিলো দত্তদা ভিৰ ঠেলি ঠেলি পিছলৈ আহি আছে। মই ওচৰলৈ মাতি মোৰ ছীটতো দি দিলো দত্তদাক। বেমাৰী দেহা বাবে দত্তদাই আপত্তি নকৰি বাহিলে। মই থিয় হৈ থাকিব লগা হোৱাত দত্তদাই অলপ অসন্তুষ্টি পালে। পিছফালে মুকলি ঠাই থকা বাবে মই থিয় হ'বলৈ পিছলৈ গুচি গলো।

এনেতে তালুকদাৰদাই ছীটতো কাক দিলো বুলি সুধিলে। দত্তদা বেমাৰী তেখেতকে দিলো বুলি কলো। "অ, চিনাকী (!) নেকি" – তালুকদাৰদাই পুনৰ সুধিলে। মই কলো "হয়, এই আপোনাৰ দৰেই।" "তেতিয়া হ'লে আজি আপুনি থিয় হৈয়ে যাব লাগিব। ছীট পোৱাৰ আশা নাই" – তালুকদাৰ দাই কালে। মই হ'ব আৰু বুলি ক'লো।

নলবাৰীত নামি দত্তদাই মোৰ কান্ধখনত খামুচি এটা গভীৰ কৃতজ্ঞতাসূচক ভাবত ক'লে, "কঁকালৰ বিষটো বাঢ়িছে। তুমি ছীটতো নিদিয়া হ'লে বৰ দিগদাৰেই আছিল। কিন্তু তোমাক থিয় কৰোৱাৰ বাবে গোটেই পথছোৱাতে মনটো বেয়া লাগি আছিল"। "এ সেইটো নো কি কথা। মই ডেকা ল'ৰা। থিয় হৈ ভালহে লাগিল। তাতে ছীটটো আপোনাৰ কামত আহিল। তাতকৈ আৰু ভাল লগা কি হ'ব পাৰে দত্তদা।" – মই দত্তদাৰ দুখখিনি পাতলাবলৈ কলো। স্বতঃস্ফূৰ্তভাৱে দত্তদাৰ মুখৰ পৰা ওলাই আহিল, "তোমাৰ জীৱনত ভাল হওঁক।"

অইন দিনৰ দৰে অফিচৰ পৰা উভতি আহি আছো। নাজানো কেতিয়া টোপনি গুচি গলো। অলপ পিছত সাৰ পাই দেখো গাড়ীখনত যথেষ্ট ভিৰ লাগিছে মানুহেৰে। মোৰ ছীটৰ কাষতে এজন ষাঠিৰ উৰ্ধৰ বয়সীয়াল মানুহে গাড়ীৰ ভিতৰৰ হেঁচা সহ্য কৰি কথমপি নিজক বচাই থিয় হৈ আছে। "ক'ত যাব ?"- মই মানুহজনক সুধিলো। "নলবাৰী"- মানুহজনে ক'লে। ভাবিলো ময়ো নলবাৰী যাম। ছীট দিয়া মানে সেই ছীট পুনৰ উভতাই পোৱাৰ আশা আৰু নাই। তথাপিও মানুহজনক ছীটটো দি বহিবলৈ ক'লো। মানুহজনে সুধিলত ময়ো নলবাৰীলৈকে যাম বুলি ক'লো।

এটা কৃতজ্ঞতাসূচক চাৱনিৰে মানুহজন বহিল। বাহি মানুহজনে ক'লে ৰাতিপুৱাৰে পৰা হেনো দাঁত এটাৰ বিষ। উপায়ন্তৰ হৈহে বিষৰ টেবলেট এটা লৈ ঘৰৰ পৰা ওলাইছে। মনটো বেয়া লাগিল। ভাবিলো নিশ্চয় কিবা ডাঙৰ বিপদ নহ'লে এই হেন ভৰ দুপৰীয়া এই বয়সৰ মানুহজন ওলাই নাহে। এনে এটা মানুহক ছীটটো দি এটা অনাবিল আনন্দৰ সুখানুভূতি লৈ বাছখনৰ পিছৰ খালি থকা ঠাইখিনিত থিয় হ'বলৈ আগবাঢ়িলো। ইতিমধ্যে তাত থিয় হৈ থকা ডেকাদাই সুধিলে- "ছীটটো কাক দিলে?" মই বুঢ়া মানুহ এজনক দিলোঁ বুলি ক'লো। ডেকাদাই হাঁহি এটা মাৰি সুধিলে, "চিনাকি?" মই ক'লো যে মই মানুহজনক চিনি নেপাওঁ। এটা তাচ্ছিল্যৰ হাঁহি ভাঁহি আহিল ডেকাদাৰ মুখৰ পৰা।

পিছলৈ চিট খালি হোৱাত ডেকাদা আৰু মই একেলগে বাছখনৰ পিছফালৰ চিট এটাত বহি আহিলো। বৰকুৰা পাৰ হৈ বাছখন নলবাৰীত সোমাইছে। দেখিলো আগ ফালৰ পৰা বুঢ়া মানুহজন মোক বিচাৰি মোৰ কাষলৈ আহি আছে। তাকে দেখি ডেকাদাই হাঁহি হাঁহি কৈ উঠিল আপোনাক কৃতজ্ঞতা জনাবলৈ আহিছে। ইতিমধ্যে মানুহজন আহি আমাৰ ওচৰ পাই মোক হাতযোৰ কৰি তুমি কুশলে থাকা বোপাই বুলি আশীৰ্বাদ দি বাছখনৰ পৰা নামিল। মই থিয় হৈ প্ৰতি নমস্কাৰ জনাই মানুহজন যোৱাৰ পিনে চাই ৰ'লো। গাড়ীখনে পুনৰ যাত্ৰা আৰম্ভ কৰিলে। হঠাতে গাড়ীখনৰ খোলা খিৰিকিৰে এজাক শীতল বতাহে মোৰ মূৰটোত হাত বুলাই গুচি গ'ল।