সম্পাদনা মেজ

কূটনীতিৰ ধামখুমীয়া

asomiyapratidin

যোৱা শুকুৰবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত সম্পাদিত প্ৰতিৰক্ষা সম্প্ৰকীয় বৃহৎ চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰখনলৈ এক বিশেষ বাৰ্তা কঢ়িয়াইছে। প্ৰথম কথা- মাৰ্কিন বাধা নেওচা দি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাছিয়াৰ পৰা এছ-৪০০ যুদ্ধ বিমান ক্ৰয় কৰাৰ চুক্তিত চহী কৰিছে।

প্ৰায় ৪০ হাজাৰ কোটি টকাৰ বিনিময়ত ৰাছিয়াৰ পৰা সেই বিশেষ যুদ্ধ বিমান ক্ৰয় কৰাৰ সিদ্ধান্তই কাৰ্যকৰী ৰূপ লাভ কৰিলে। উল্লেখ্য যে, ইতিমধ্যে ৰাছিয়াৰ পৰা চীনেও সেই যুদ্ধ বিমান ক্ৰয় কৰিছে। কেন্দ্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা সুত্ৰ অনুসৰি ২০২০চনৰ শেষৰ ফালে এছ-৪০০ যুদ্ধ বিমান ৰাছিয়াৰ পৰা ভাৰত আহি পাবহি। কেৱল যুদ্ধ বিমান ক্ৰয় সম্পৰ্কীয় চুক্তিয়েই নহয়, প্ৰধানমন্ত্ৰীয় মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে আন আঠখন চুক্তিও সম্পাদন কৰিছে।

পুটিনৰ ২২ ঘণ্টীয়া চমু ভাৰত ভ্ৰমণৰ সময়তে ৰে'ল, মহাকাশ আৰু অৰ্থনৈতিক আদান-প্ৰদান সম্পৰ্কীয় এই চুক্তিবোৰ স্বাক্ষৰ কৰা হয়। ভাৰতে ৰাছিয়াৰ পৰা প্ৰায় ৭,০০০ কোটি টকাৰ ৰাসায়নিক সাৰ আমদানি কৰা, ২০১৫চনত সম্পাদিত ৰে'ল, শিক্ষা সম্পৰ্কীয় বুজাবুজিৰ চুক্তি কাৰ্য কৰা আৰু ৰাছিয়াৰ মহাকাশ সংস্থাৰ সৈতে ইছৰ'ৰ সহযোগিতামূলক কাম-কাজ সম্পন্ন কৰা আদি বিষয় এই চুক্তিবোৰত সন্নিবিষ্ট কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী মোডীয়ে কেইমাহমান আগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে আনুষ্ঠানিক বাৰ্তালাপত ঘোষণা কৰিছিল যে ভাৰতে ৰাছিয়াৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব।

মুঠতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুয়োখন দেশৰ মাজত সম্পাদিত এই বৃহৎ প্ৰতিৰক্ষামূলক চুক্তিক লৈ ব্যাপক চৰ্চা চলিছে। বহুতে  ধাৰমা কৰি আহিছিল যে ৰাছিয়া অথবা চীনৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোডীৰ দিনত ভাৰত-আমেৰিকাৰ মাজৰ সম্পৰ্কহে অধিক গাঢ় হ'ব। সেই অনুসৰি মাৰ্কিন মিত্ৰ ইজৰাইল অথবা মধ্য প্ৰাচ্যৰ অন্যান্য শক্তিবোৰৰ লগত জোঁটবন্ধনত চামিল হ'ল বুলি আন্তঃৰাষ্ট্ৰীয় মহলত আলোচনা চলিছে। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে যে ভাৰতে ক্ৰমান্বয়ে মাৰ্কিন আধিপত্যবাদৰ ওচৰত সেও মনাৰ সলনি এছিয়াৰ সৰ্ববৃহৎ শক্তি চীন আৰু মিত্ৰ দেশবোৰৰ সৈতেও সমান্তৰালভাৱে কূটনৈতিক সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতৰ এই ধৰণৰ সক্ৰিয়তাই স্বাভাৱিকভাৱে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ অৱধাৰিত সত্যবোৰকো উদঙাই দিছে। মূল কথাটো হ'ল- পৰিৱৰ্তিত পৰিস্থিতিয়ে বিশ্ব নেতৃত্বক ইতিমধ্যে বহুমেৰুবিশিষ্ট কৰি তুলিছে। পূৰ্বৰ দৰে কেৱল মাৰ্কিন অথবা ইউৰোপৰ নিৰ্দেশত বিশ্ব নচলে বাবেই সকলোৱে সকলোকে সমীহ কৰি চলিবলগাত পৰিছে। ড'নাল্ড ট্ৰাম্পৰ দৰে অতি সোঁপন্থী নেতাৰ 'আমেৰিকা ফাৰ্ষ্ট' নীতিয়ে ভাৰতৰ দৰে দেশৰ সমগোত্ৰীয় শাসক গোষ্ঠীক আকৰ্ষণ কৰাৰ সলনি যে বিকৰ্ষণহে কৰিব, সেই কথা ইতিমধ্যে প্ৰতীয়মান হৈছে। সেইবাবেই পূৰ্বৰ মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে যি অন্তৰংগতা কৰিবলৈ সক্ষম হৈছে, সেই পৰিমাণৰ আন্তৰিকতা ট্ৰাম্পৰ লগত প্ৰদৰ্শন কৰাত অসুবিধা আহি পৰিছে।

এতিয়া মাৰ্কিন সাম্ৰাজ্যবাদী নীতিয়ে ট্ৰাম্পৰ আমোলত এক পৃথক অৱস্থানত উপনীত হৈছে। সেইবাবেই ইউৰোপ অথবা মধ্যপ্ৰাচ্যৰ মিত্ৰ শক্তিবোৰৰ মাজতো ব্যাপক অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হৈছে। মাৰ্কিন আধিপত্য স্বীকাৰ নকৰা চীন, ৰাছিয়াৰ দৰে শক্তিৰ আগ্ৰাসী ৰূপটোৱেও ভাৰতক বহু পৰিমাণে সন্দিহান কৰি তুলিছে। এতিয়া ভাৰতে কাৰ কাষ চাপিব? ৰাছিয়া, চীন নে আমেৰিকাৰ? চীন, ৰাছিয়াৰ ওচৰত অধিক দায়ৱদ্ধ হোৱা মানেই ভাৰতৰ বাবে দক্ষিণ-পূব এছিয়াক নেতৃত্ব দিয়া জোখাৰে শক্তিশালী হোৱাটোকে বুজাব নেকি? অৱশ্যে সদ্যহতে আফগানিস্তান, পাকিস্তান, নেপাল অথবা ভূটানত চীন আৰু ৰাছিয়াই বৃদ্ধি কৰা কাৰ্যকলাপকো ভাৰতে সহজভাৱে ল'ব নোৱাৰে।

আমি ভাবো- ৰাছিয়াৰ সৈতে 'বিগ ডীল' সম্পন্ন কৰি বিশ্বৰ এক বৃহৎ বজাৰস্বৰূপ ভাৰতে সাম্ৰাজ্যবাদী শক্তিবোৰৰ ওচৰত নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাটো এক অবাস্তৱ কল্পনাহে মাথোঁ। তাৰ পৰিৱৰ্তে পৰম্পৰাগত গোষ্ঠীনিৰপেক্ষ বৈদেশিক নীতিৰ আধাৰত ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত তৃতীয় বিশ্বৰ উন্নয়নশীল দেশবোৰে সন্মুখীন হোৱা গুৰুতৰ সমস্যাবোৰ সবলভাৱে উপস্থাপন কৰিলেহে দক্ষিণ-পূৱ এছিয়াত নিজৰ বিশ্বাসযোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব। বহুতে ক'ব খোজে ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰি বিৰোধীৰ প্ৰশ্নবাণত ধৰাশায়ী হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে এইবাৰ ৰাছিয়াৰ পৰা এছ-৪০০ যুদ্ধ বিমান ক্ৰয় কৰি দূৰদৰ্শিতাৰ পৰিচয় দিব বিচাৰিছে। এই কাৰ্যৰ দ্বাৰা ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত প্ৰধানমন্ত্ৰীয়ে নিজকে বিচক্ষণ কূটনীতিবিদ হিচাপে প্ৰক্ষেপ কৰাৰ সুযোগ নোলোৱাকৈ নিশ্চয় নাথাকে।