সম্পাদনা মেজ

অক্সফেমৰ সমীক্ষা

asomiyapratidin

যি সময়ত আগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত অৰিয়াঅৰিয়ে লক্ষণীয় ৰূপ লৈছে, সেই সময়তে অক্সফেম নামৰ আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থাটোৱে প্ৰকাশ কৰা দেশৰ আৰ্থিক উন্নয়নৰ সমীক্ষাই সচেতন মহলৰ চকু থিয় কৰাইছে। এই সমীক্ষা অনুসৰি বিগত বছৰটোত দেশৰ মুঠ জাতীয় সম্পদৰ প্ৰায় ৭৭.৪ শতাংশ মাত্ৰ ১০ শতাংশ ভাৰতীয় ধন্যঢ্য ব্যক্তিৰ হাতত কুক্ষিগত হৈছে। এই হিচাপত এতিয়া দেশৰ ৫০ শতাংশ লোকৰ মুঠ সম্পদৰ পৰিমাণৰ সম্পত্তি মাত্ৰ ৯জন ধনী লোকৰ হাতত।

উল্লেখ্য যে, ছুইজাৰলেণ্ডৰ ডাভোচত আৰম্ভ হোৱা ৱৰ্ল্ড ইক'ন'মিক ফ'ৰামৰ সন্মিলনৰ আগমুহূৰ্তত অক্সফ'ৰ্ডত মুখ্য কাৰ্যালয় থকা অক্সফেম হ'ল বিশ্বৰ ২০টাকৈ স্বেচ্ছাসেৱী সংস্থাৰ এক সন্মিলিত সংগঠন। গতিকে এনে সংস্থাৰ প্ৰতিবেদনৰ বিশ্বাসযোগ্যতাক লৈও সহজে প্ৰশ্ন উঠিব নোৱাৰে। অৱশ্যে এই কথাও ঠিক যে যোৱা সমসছোৱাত ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰখনক লৈ এনে বহু সমীক্ষা প্ৰকাশ পাইছে, য'ত দেশৰ আৰ্থিক বৈষম্যৰ দুৰ্দৰ্শাগ্ৰস্ত প্ৰকৃত ছবিখন প্ৰতিফলিত হৈছে। আমাৰ দেশৰ পুষ্টিহীনতাত ভোগা ক্ষুধাতুৰ শিশু আৰু মহিলাৰ পৰিসংখ্যাই সমগ্ৰ বিশ্বকে চমকিত কৰিছে।

দুবছৰমান আগতে প্ৰকাশিত 'গ্ল'বেল হাংগাৰ ইনডেক্স' ৰিপ'ৰ্টতো কোৱা হৈছিল যে দাৰিদ্ৰতাত ভোগা ভাৰতৰ শিশুৰ অৱস্থা আফ্ৰিকাৰ দৰিদ্ৰ দেশবোৰৰ সৈতে তুলনাৰ যোগ্য। অৰ্থাৎ ইমানদিনে বিকাশ উন্নয়নৰ কথা কৈ অহা শাসক গোষ্ঠীৰ আভুৱা ভঁৰা প্ৰতিশ্ৰুতিবোৰৰ বাস্তৱিকতে কোনো মূল্য নাই। অক্সফেমৰ সমীক্ষা প্ৰকাশৰ পিচত বহুতে মন্তব্য কৰিছে যে 'সবকা সাথ সবকা বিকাশ'ৰ শ্ল'গান দেশবাসীৰ বাবে চৰম প্ৰহসনত পৰিণত হৈছে। তাৰ বিপৰীতে পুঁজিপতি শ্ৰেণীৰ লোকৰ স্বাৰ্থ ৰক্ষাহে কৰি আহিছে চৰকাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গৰিষ্ঠসংখ্যক লোকক উন্নয়নৰ মূল সুঁতিৰ পৰা বঞ্চিত কৰি ৰাখি বিদেশ ভ্ৰমণৰ অভিলেখ ৰচনা কৰিছে। প্ৰশ্ন হয়- বিদেশত দেশৰ ঐতিহ্য সংস্কৃতিৰ জয়গান গোৱা প্ৰধানমন্ত্ৰীজনে দেশৰ আৰ্থিক দুৰৱস্থাক কিমানদিনলৈ এইদৰে লুকুৱাই ৰাখিবলৈ সক্ষম হ'ব। অক্সফেমে প্ৰকাশ কৰা সমীক্ষা অনুসৰি ২০১৮চনত দেশৰ এক শতাংশ ধনী লোকৰ প্ৰতিদিনৰ আয় ২২ শ কোটি লৈকে বৃদ্ধি পাইছে। এনে লোকৰ তালিকাৰ শীৰ্ষত আছে মুকেশ আম্বানিৰ দৰে পুঁজিপতি তথা প্ৰধানমন্ত্ৰীৰ আশিসধন্য লোক। অলপতে সম্পন্ন হোৱা আম্বানিৰ কন্যাৰ বিয়াত দেশৰ ৰাজনৈতিক নেতা-নেত্ৰীকে ধৰি প্ৰতিটো ক্ষেত্ৰত নামী-দামী ব্যক্তিসকল সমবেত হৈছিল।

কেইবাশ কোটিটকীয়া এই সপ্তাহজোৰা বিবাহ অনুষ্ঠানত দেশৰ প্ৰায় সকলো ছেলিব্ৰিটিয়ে অংশ লৈছিল। একাংশ সংবাদ মাধ্যমে ঋণগ্ৰস্ত কৃষক-নিবনুৱাৰ প্ৰতিবাদৰ খবৰকো নেওচি আম্বানি কন্যাৰ বিবাহ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰিছিল। গতিকে বৃহৎ পুঁজিপতিয়ে কেৱল আমাৰ দেশৰ শাসনতন্ত্ৰকে প্ৰভাৱিত কৰা নাই, বৰং গণতন্ত্ৰকো নিয়ন্ত্ৰিত কৰি ৰাখিছে। বছৰি ২ কোটি নিবনুৱাৰ কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী মোডীৰ দিনতে কেইবাজনো প্ৰতিষ্ঠিত পুঁজিপতিয়ে ৰাজহুৱা খণ্ডৰ বেংকৰ ধন আত্মসাৎ কৰি বিদেশত আশ্ৰয় লৈছে। এতিয়া এই চৰকাৰৰ কাৰ্যকাল শেষ হ'বলৈ মাত্ৰ কেইটামান দিনহে বাকী। এনে কোনো এজন পুঁজিপতিকে চৰকাৰে দেশলৈ ওভতাই আনি শাস্তি প্ৰদান কৰিব পৰা নাই।

বৰং মেহুল চোকছিৰ দৰে ব্যৱসায়ীয়ে দেশৰ নাগৰিকত্বকে এৰি দিছে। বিদেশৰ বেংকত জমা থকা ভাৰতীয় লোকৰ ক'লা ধনৰ হিচাপ আজিলৈকে নোলাল। এতিয়া হয়তো সেই একেবোৰ বিষয়কে নতুন ৰূপত উপস্থান কৰি শাসক-বিৰোধীয়ে লোকসভা নিৰ্বাচন অৱতীৰ্ণ হ'ব। সৰ্বসাধাৰণ লোকৰ জীৱন-জীৱিকাৰ নিশ্চয়তা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হ'ব। নিবনুৱাক কৰ্মসংস্থানৰ আশ্বাস প্ৰদান কৰা হ'ব। কিন্তু সময়ত এই সকলো বিষয়েই তল পৰি ৰ'ব। আচলতে আৰ্থিক নীতিৰ আমূল পৰিৱৰ্তন নহ'লে এই দেশত পুঁজিপতিৰহে বিকাশ হ'ব, দুখীয়া-দৰিদ্ৰৰ নহয়। এই কথাকে যেন পুনৰ প্ৰতিপন্ন কৰিব অক্সফেমৰ সমীক্ষাই।