সম্পাদনা মেজ

পথ কেনি

asomiyapratidin

যোৱা ১৪ ফেব্ৰুৱাৰী তাৰিখটো ভাৰতৰ একবিংশ শতিকাৰ ইতিহাসত এটা অতি ভয়াৱহ দিন হিচাপে চিহ্নিত হৈ ৰ'ব। সেই অভিশপ্ত দিনটোতেই কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ কুটাঘাতত দেশৰ ৪৪ গৰাকী বীৰ চি আৰ পিএফ জোৱান ছহিদ হ'ল। কেইবাগৰাকীও জোৱান হ'ল আঘাতপ্ৰাপ্ত। সন্ত্ৰাসবাদীৰ এই ভয়ানক কূটাঘাতমূলক আক্ৰমণটো দেশৰ মাটিত এতিয়ালৈকে সংঘটিত সন্ত্ৰাসবাদীৰ অতি ভয়ানক আক্ৰমণকেইটাৰ এটা। এই বীভৎস তথা অতি ভয়ানক আক্ৰমণে, বিশেষকৈ ৪৪জনকৈ বীৰ জোৱানে ছহিদীবৰণ কৰিবলগা হোৱাটোৱে দেশৰ সাধাৰণ ৰাইজক স্বাভাৱিকতেই ক্ৰোধান্বিত তথা উত্তেজিত কৰি তুলিছে।

সন্ত্ৰাসবাদীৰ এই বীভৎস আক্ৰমণৰ পোটক তুলিবলৈ দেশবাসীৰ অনেকেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এখন্তেকো পলম নকৰি যুদ্ধ ঘোষণা কৰাৰ দাবী তুলিছে। পিচে আৱেগবৰ্জিতভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে উত্তেজিত হৈ যুদ্ধ ঘোষণা কৰাৰ কথা কোৱাটো যিমান সহজ, আচলতে যুদ্ধ ঘোষণা কৰাটো ইমান সহজ কথা নহয়। তাৰ একাধিক কাৰণ আছে। এই সন্ত্ৰাসবাদী আক্ৰমণ পাকিস্তানী নাগৰিকে কৰা আক্ৰমণ নহয়। আদিল আহমেদে ডাৰ নামৰ যিজন আত্মঘাতী সন্ত্ৰাসবাদীয়ে এই ভয়ানক আক্ৰমণ সংঘটিত কৰিছিল, তেওঁ আছিল ভাৰতৰেই নাগৰিক। আক্ৰমণ সংঘটিত কৰা ঠাইখনৰ কাষতেই আছিল তেওঁৰ ঘৰ। সেইফালৰ পৰা এইটো ভয়ানক ৰাষ্ট্ৰদ্ৰোহৰ ঘটনাহে। বিদেশী ৰাষ্ট্ৰশক্তিয়ে কৰা প্ৰত্যক্ষ আক্ৰমণৰ ঘটনা নহয়।

তথাপি পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধ ঘোষণা কৰাৰ প্ৰসংগ উঠিছে, কাৰণ সেই সন্ত্ৰাসবাদীগৰাকী আছিল জেইছ-ই-মহম্মদ- এই ইছলামীয় সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্য, যিটো সংগঠন পাকিস্তান সেনাবাহিনী আৰু চোৰাংচোৱা বাহিনীৰ মদতপুষ্ট। সেই সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বী মাছুদ আজহাৰে পাকিস্তানতেই আশ্ৰয় লৈ আত্মগোপন কৰি আছে আৰু তাৰ পৰা তেওঁ দিয়া নিৰ্দেশতেই েই ভয়াৱহ আক্ৰমণ সংঘটিত হৈছিল। এই বাস্তৱৰ পৰিপ্ৰেক্ষিতত পাকিস্তান শাস্তি পাবৰ যোগ্য। কিন্তু সেই শাস্তি পূৰ্ণাংগ যুদ্ধ হয় নে নহয়, সেইটোহে ভাবি চাবলগীয়া কথা। কাৰণ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাটো এটা কথা আৰু সন্ত্ৰাসবাদক মদত দিয়া ৰাষ্ট্ৰ আক্ৰমণ কৰা আন এটা কথা, মূলতঃ তিনিটা কাৰণত।

প্ৰথম কথা হ'ল- সন্ত্ৰাসবাদক মদত ৰাষ্ট্ৰশক্তিয়েহে দিছে, সেই ৰাষ্ট্ৰৰ সাধাৰণ ৰাইজে নহয়। কিন্তু পূৰ্ণাংগ যুদ্ধত সাধাৰণ ৰাইজে অবাবতে ভীষণ কষ্ট খাবলগাত পৰে। দ্বিতীয়তে, আজিৰ যুগত পূৰ্ণাংগ যুদ্ধ মাথোন যুদ্ধৰত দেশৰ বিষয় হৈ থকা নাই। ই কূটনৈতিক, অৰ্থনৈতিক আৰু ভূ-ৰাজনৈতিক কাৰণত আন্তঃৰাষ্ট্ৰীয় বিষয় হৈ পৰিল। পুলৱামাৰ ঘৃণ্য সন্ত্ৰাসবাদী কাণ্ড আন্তঃৰাষ্ট্ৰীয় বিষয় হৈ পৰিল। পুলৱামাৰ ঘৃণ্য সন্ত্ৰাসবাদী কাণ্ড আন্তঃৰাষ্ট্ৰীয়ভাৱে তীব্ৰ গৰিহণাযোগ্য আৰু ৰাষ্ট্ৰসংঘ তথা বিশ্বৰ অতি গুৰুত্বপূৰ্ণ সকলো ৰাষ্ট্ৰই এই কুকাণ্ডক ভীষণ গৰিহণা দিছেও। কিন্তু ভাৰতে পূৰ্ণাংগ যুদ্ধ পাকিস্তানৰ বিৰুদ্ধে ঘোষণা কৰিব খুজিলে বিশ্বৰ অতি গুৰুত্বপূৰ্ণ সকলো ৰাষ্ট্ৰৰ সমৰ্থন কিমানদূৰ পাব, সেইটো নিশ্চিত নহয়। সেই সমৰ্থন নোপোৱাকৈ ভাৰতে কিবা এটা কৰিলে ভাৰত কূটনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ'ব, যিটো কাশ্মীৰ সমস্যাৰ সমাধানৰ বাবে হ'ব নেতিবাচক।

কাশ্মীৰ সমস্যাৰ বাবেই যিহেতু কাশ্মীৰত সন্ত্ৰাসবাদে দেখি দিছে, সেয়ে এই দিশত ভাৰত চৰকাৰে লোৱা প্ৰতিটো পদক্ষেপেই সেই সমস্যাৰ সমাধানত সহায় কৰা বিধৰ হ'ব লাগিব। ভাৰত-পাকিস্তান যুদ্ধৰ প্ৰসংগত বিশেষভাৱে চকু দিবলগীয়া এটা কথা হ'ল- ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমানে যদি কোনো যুদ্ধ হয়, তেন্তে এই যুদ্ধত সম্পূৰ্ণ বিজয় কোনো পক্ষই লাভ কৰাৰ সম্ভাৱনা নাই বুলিবই পাৰি। কাৰণ দুয়োখন দেশৰ হাততেই আণৱিক বোমা আছে, যি বোমা পৰিলে সেই দেশত মহাপ্ৰলয় হোৱাটো খাটাং, যিটো বৰ্তমানৰ বাস্তৱ পৰিস্থিতিত কোনো দেশে কৰাটো বিশ্বৰ আন দেশবোৰে মানি লোৱাটো অসম্ভৱেই বুলিব পাৰি। বৰং পৰিস্থিতিয়ে সকীয়ায়- এইক্ষেত্ৰত ভাৰত চৰকাৰৰ কৰণীয় হ'ল পাকিস্তানৰ বিৰুদ্ধে তীব্ৰতম কূটনৈতিক হেঁচাৰ সৃষ্টি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কৰি পাকিস্তান সেনা আৰু চোৰাংচোৱা বাহিনীক সন্ত্ৰাসবাদীক মদত যোগোৱাৰ পৰা সম্পূৰ্ণ বিৰত থাকিবলৈ বাধ্য কৰাটো।

এই কূটনৈতিক প্ৰচেষ্টাক সফল কৰিবলৈ প্ৰয়োজনীয় সামৰিক শক্তিৰ প্ৰদৰ্শন হ'ব কাৰ্যকৰী। অৰ্থাৎ পূৰ্ণাংগ যুদ্ধ নহয়, সামৰিক শক্তিৰ শক্তিশালী প্ৰদৰ্শনহে প্ৰয়োজনীয়। ভাৰতৰ সামৰিক বাহিনী অতি শক্তিশালী হোৱা সত্ত্বেও এনে পৰোক্ষ হেঁচাৰ কৌশল প্ৰয়োজনীয় হৈছে এইবাবেই যে কাশ্মীৰত দেখা দিয়া সন্ত্ৰাসবাদৰ সমস্যা দেশৰ মাটিত দেখা দিয়া সমস্যা। সেয়ে তাৰ সমাধান হ'বলৈ দেশৰ মাটিৰ পৰা তাক উচ্ছেদ কৰিব নোৱাৰি তাৰ প্ৰমাণ যোৱা ১৮ ফেব্ৰুৱাৰীত পোৱা গ'ল।

পুলৱামা কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী আব্দুল ৰছিদ গাজী, হিলাল আহমেদ আৰু আন এজন সন্ত্ৰাসবাদী পুলৱামাৰ কাষত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানত ইতিমধ্যে নিহত হৈছে। সেই অভিযানত লগতে ছিদীবৰণ কৰিছে এগৰকাী বিষয়াকে ধৰি চাৰিগৰাকীয় ভাৰতীয় বীৰ সেনাই। সেই ছহিদসকলৰ আত্মত্যাগলৈ জনাইছে সশ্ৰদ্ধ প্ৰণিপাত। সন্ত্ৰাসবাদৰ উচ্ছেদ যে দেশৰ মাটিতেই কৰিব লাগবি, তাক ভাৰত চৰকাৰে বুজাত ই সহায় কৰিলে। লগতে কাশ্মীৰৰ সাধাৰণ ৰাইজক ভাৰত ৰাষ্ট্ৰৰ প্ৰতি বেছি কাষ চপাই আনিব পাৰিলেহে যে এই সমস্যাৰ সমাধান হ'ব তাক ভাৰত চৰকাৰে বুজা উচিত। শত্ৰুতাৰে তাক কৰিব নোৱাৰি। তাক কৰিব লাগিব বন্ধুত্বৰে। কাশ্মীৰী সাধাৰণ ৰাইজৰ প্ৰতি ঘৃণা প্ৰদৰ্শন তীব্ৰ গৰিহণাযোগ্য।